পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰুক্ষেত্ৰ-যুদ্ধ-যাত্ৰা।
৬১১
 

সমথল এভাগত পূবমুৱাকৈ হিৰণ্যাৱতী নামে সৰোবৰৰ পাৰত ধৃষ্টদ্যুম্ন আৰু সাত্যকিৰ দিহামতে পাণ্ডৱ শিবিৰ প্ৰতিষ্ঠিত হল।

 সিফালে ৰণ-আহবান পাই হস্তিনাপুৰত ৰণকৰ্ত্তা দুৰ্য্যোধনেও কুৰু ক্ষেত্ৰ যাত্ৰালৈ নিজৰ ৰণবল সাজু কৰাত তৎপৰ হল। তেওঁৰ দিহা মতে, কৌৰৱবাহিনী (২) উত্তম মধ্যম আৰু নৰমকৈ তিনি ভাগে বিভক্ত হল। তিনি সেনাবিভাগ যোগ্যতা অনুসাৰে তিনি বিধ কাৰ্য্য- বিভাগত নিয়োজিত হল। প্ৰতি সেনাবিভাগতে ৰথী, অশ্বাৰোহী, হস্তী- আৰোহী, পদাতিক আৰু দ্বৈৰথ যোদ্ধা সমাবেশ আৰু একো-একো বিতা- গত সৈন্য সংখ্যানুযায়ী ঘাই আৰু পালি সেনাপতি নিযুক্ত হল। সি- বিলাকৰ ভিতৰত ভীষ্ম, কৰ্ণ, দ্ৰোণ, কৃপাচাৰ্য্য, অশ্বত্থামা, জয়দ্ৰথ, ভূৰি- শ্ৰবা, সোমদত্ত, বাহ্লীক, শকুনি, কৃতবৰ্ম্মা, ভগদত্ত, শল্য, মদ্ৰ, বিন্দ, অনুবিন্দ, আৰু দুৰ্য্যোধন-দুঃশাসন প্ৰমুখ্যে ধৃতৰাষ্ট্ৰৰ এশ পুত্ৰ, এই সকলেই প্ৰধান। এইসকলৰ তলে ৬০০০০ মিত্ৰ আৰু কৰতলীয়া ৰজাই পালি সেনাপতিৰ বাব গ্ৰহণ কৰে। একো-একোজন ৰজাৰ লগত এহেজাৰকৈ হাতী, একো-একো হাতীৰ লগত এশকৈ ঘোঁৰা, একো-একো ঘোঁৰাৰ লগত এশকৈ ধানুকী, একো-একো ধানুকীৰ লগত আশে-পাশে দহ জনকৈ ঢালী, আৰু অসংখ্যাত পদাতিৰে সৈতে ১১ এঘাৰ অক্ষৌহিনী সৈন্যসমষ্টিৰে সৈতে কৌৰবৰাহিনী যুদ্ধযাত্ৰাৰ অৰ্থে প্ৰস্তুত হল। শঙ্খ, ভেৰী, ঢাক-ঢোলৰ বাদন, হয়-হস্তীৰ চিৎকাৰ, অস্ত্ৰ-শস্ত্ৰৰ জঞ্জননি শবদে হস্তিনাপুৰত তোলপাৰ লগাই তুলিলে।

 ইতিমধ্যত দুৰ্য্যোধনে পিতামহ ভীষ্মদেৱক সবাতোঘাই সেনাপতিৰ বাব গ্ৰহণ কৰিবলৈ অনুৰোধ কৰেগৈ। ভীষ্মদেৱে সেই অনুৰোধ ৰক্ষা কৰি, দুৰ্য্যোধনক এই বুলি আশ্বাসৰ সমিধান দিলে, “বাৰু,, সেই বাব


(২) কৌৰৱবাহিনী ১১ অক্ষৌহিনী সংগৃহীত সৈন্যৰ সমষ্টি।