পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১০
শ্ৰীকৃষ্ণ।
 

দেৱদত্ত ৰণোদ্দীপক গাণ্ডিব-টঙ্কাৰ আৰু স্বয়ং নাৰায়ণৰ অৱতাৰ শাৰঙ্গপাণি শ্ৰীকৃষ্ণৰ পাঞ্চজন্য বাদনে পাণ্ডবাহিনী একাগ্ৰচিত্ত কৰি ৰণোম্মুখীকৈ আগুৱাবলৈ ধৰিলে।

 “মন্ত্ৰৰ সাধন কিম্বা শৰীৰ পতন” এই মহামন্ত্ৰেৰে দীক্ষিত হৈ, সাত অক্ষৌহিনী সেনাৰ প্ৰত্যেকেই “শত্ৰুক জিনিম কিম্বা ৰণত পৰিম” এই প্ৰতিজ্ঞাৰে দৃঢ়প্ৰতিজ্ঞ হৈ চেৱে চেৱে পাৱ পেলাই পৰম উলাহেৰে ৰণ- ক্ষেত্ৰলৈ যাত্ৰা কৰিলে। আটাইৰে আগত মহাৰথী কৃষ্ণসাৰথিয়ে চলোৱা অৰ্জ্জুনৰ ৰথ; আৰোহৰে সৈতে গুৰিত ৪০,০০০ৰথ, ২০০,০০০ অশ্বাৰোহী, ২০,০০,০০০ পদাতি আৰু ৬০,০০০ হস্তী-আৰোহী যোদ্ধাৰে সৈতে মহাবল বিৰাট; অৰ্জ্জুনৰ ৰথৰ অনুবৰ্ত্তী হৈ সসৈন্যে দুজন ঘাই আৰু দুজন পালি সেনাপতি; বিৰাট গুৰিধৰা সেনাপতিৰ আগত সসৈন্যে দুজন ঘাই আৰু দুজন পালি সেনাপতি; আৰু সমাজত দুপাশে দুজন ঘাই সেনাপতি আৰু সিবিলাকৰ সোঁৱে-বাঁৱে দুজন পালি সেনাপতি সসৈন্যে গা-চোৱা; এই দিহাৰে সৈতে ৰণৰ পুঁজি, আহিলা-পাতি (১) অস্ত্ৰ-শস্ত্ৰ, আহাৰ- পাতি, গাৰী-ঘোঁৰা, বেজ-বৈদ্য, অস্ত্ৰ-চিকিৎসক আদি লগত লৈ, যুদ্ধকৰ্ত্তা ধৰ্ম্মৰাজ যুধিষ্ঠিৰে স্বয়ং মহাসমাৰহেৰে কুৰুক্ষেত্ৰলৈ যুদ্ধযাত্ৰা কৰিলে। তাৰ পাচত, যথা সময়ত কুৰুক্ষেত্ৰত উপনীত হৈ তাৰ মুকলি সুচল


(১) লাগ্ বুলিলেই পোৱাকৈ ৰণৰ লাগতিয়াল সঁজুলি যুগুতকৈ নিয়া হৈছিল। তাৰ ভিতৰত এইবোৰই ঘাই; যেনে,-- ৰথৰ ঘিলা, বৰহামাৰি, যাঠীৰ দীঘল নাল, শেলৰ কালি-আগ, তীৰ-শৰ, ধেনু-কাঁৰ, ধেনু-জোঁৰ, ৰচা-জৰি, আঁকুহী-বৰশী, ঢাল, তৰোৱাল, দা, কটাৰী, মিট, পৰশুকুঠাৰ, ভাপপানী মাৰা পিচকাৰী, খাঙত ভৰোৱা গোম্, দাঁহ, ফেঁটী ইত্যাদি বিষাল সাপ, জীৰ্ণসংস্কাৰৰ সঁজুলি, ৰথ-চকা বাঘৰ ছাল, পতাকা ইত্যাদি।