পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বাৰকাত উষাদেৱী।
৬০৩
 

ওলট-যাত্ৰাত যাদৱবাহিনীয়ে সুদীৰ্ঘ আকাশী পথ (১) অতিক্ৰম কৰাৰ পাচত, যেতিয়া কৈলাস-শিখৰ সদৃশ, নীলগ্ৰীৱ শুভ্ৰ প্ৰাসাদ সমষ্টিৰে সৈতে সুশোভিত দ্বাৰমালিনী দ্বাৰাৱতী দৃষ্টিগোচৰ হল, তেতিয়া নিলগৰপৰা গদাধৰ দ্বাৰকেশ্বৰ কেশৱ প্ৰত্যাগমনৰ নিদৰ্শন সংজ্ঞা পাঞ্চজন্য (২) বাদনেৰে জ্ঞাপন কৰা হল। সেই পাঞ্চজন্য সংজ্ঞাধ্বনি শুনামাত্ৰকে পুৰবাসীগণে বহু-বিস্তৰ মাঙ্গলিক নিদৰ্শনৰে সৈতে দ্বাৰাৱতী- দুৱাৰত কৃষ্ণ-প্ৰত্যাগমন প্ৰতীক্ষা কৰিলেগৈ। যথাসময়ত দ্বাৰকাদ্বাৰত উপনীত হৈ ব্ৰাহ্মণ আৰু কুলবৃদ্ধগণৰ দ্বাৰাই অৰ্পিত অৰ্ঘ্য গ্ৰহণ কৰাৰ পাচত, শ্ৰীকৃষ্ণদেৱে দুৰ্জ্জয় মহাসুৰ বাণ নৰপতিৰে সৈতে কৰা মহাৰণ, তাৰ পৰিণামত হোৱা সংম্প্ৰীতি সন্ধি-সংস্থাপন আৰু উষা-অনিৰুদ্ধৰ গান্ধৰ্ব্ব আৰু বীৰ্য্যাক্ষ বিবাহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰি যথাবিধি বৰ-কন্যা আদৰণীৰ অনুজ্ঞা জ্ঞাপন কৰিলে; আৰু সেই অনুসৰি সেই সম্বন্ধীয় মাঙ্গলিক কাৰ্য্যাদি অনতিপলমে সম্পাদিত হৈ উঠিল। তাৰ পাচত, আহুক, বসুদেৱ, শাল্ব, সাত্যকি, পিশঠ, উন্মুখ, বিপৃথু, অক্ৰুৰ প্ৰমুখ্যে যাদৱপ্ৰধানসকলে আগবাঢ়ি গৈ বৰ-কন্যা সমন্বিতে কন্যাযাত্ৰীবৰ্গক যথাবিধি অভ্যৰ্থনা কৰিলে গৈ। সেই অভ্যৰ্থনা গ্ৰহণৰ সংজ্ঞা স্বৰূপ


(১) যাদৱবাহিনীয়ে গৰুড়বাহনেৰে দ্বাৰকাৰপৰা শোণিতপুৰলৈ যাত্ৰা কৰিছিল। গতিকে, ওলটা-যাত্ৰাতো সেই বাহনতে চৰি সিবিলাকে আকাশী পথ অতিক্ৰম কৰিছিল। ইতিপুৰ্ব্বৰ টীকাত উনুকিয়াই অহা হৈছে যে, গৰুড় পখী যে কেৱল কৃষ্ণবাহনৰ অৰ্থে এটি হে আছিল এনে নহয়, সেই জাতীয় পখী সেই কালত সেই অঞ্চলত অলেখ আছিল। সৃষ্টিৰ ক্ৰমোবিনাশৰ গতিত ক্ৰমাৎ সঁচ মৰি আহি এতিয়া তাৰ অস্তিত্ব লোপ পাইছে।

(২) শঙ্খ-ঘণ্টা-ডবা-বীণা-বংশী এই পঞ্চবাদনৰ পঞ্চসুৰ মিলিত এবিধ অদ্বিতীয় বাদ্য; ই কেবল কৃষ্ণ-আগমন-প্ৰত্যাগমনৰ সংজ্ঞা স্বৰূপে ব্যৱহৃত হৈছিল।