পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হৰিহৰ-যুদ্ধ।
৫৯৯
 

পুত্ৰ প্ৰদ্যুম্ন কোৱঁৰক শুশ্ৰুষা কৰিবলৈ ধৰিলে। তিনিওৰো সন্মিলীত শুশ্ৰুষাৰ ফলত কৃষ্ণকুমাৰ অনতিপলমে প্ৰকৃতিস্থ হল।

 হৰিহৰ-ৰণ সামৰণৰ পাচত, সংপ্ৰীতিসন্ধিসংস্থাপনৰ অৰ্থে আলোচনা আৰম্ভ কৰা হল। সেই আলোচনাৰ মূলত ধৰ্মাত্মা কুম্ভাণ্ড মন্ত্ৰী আৰু মধ্যত দেৱৰ্ষি নাৰদ মুনিয়ে থিত্ দিলেহি। বিজ্ঞ মন্ত্ৰীয়ে বহুল বুজনিৰে সৈতে বাণ নৰপতিৰ প্ৰতি এই বুলি নিবেদন কৰিলে,—“হে ভৈৰবতনয়। হে বলিনন্দন! যি হৰিয়ে বামন ৰূপ ধৰি আপোনাৰ মহাবীৰ্য্যৱন্ত পিতৃ বলিৰাজক ছলিছিলহি, সেই হৰিৰে এক কলা এই শ্ৰীকৃষ্ণ। এহাতে, ভক্তি-তপস্যাৰ ফলত আপুনি মহাভৈৰৱ হৰৰ পুত্ৰত্ব লাভ কৰিছে; আন হাতে, হৰিহৰ অভেদাত্মা বুলি প্ৰত্যক্ষ প্ৰমাণিত হৈছে। যেই হৰি সেই হৰ, যেই হৰ সেই হৰি। এতেকে, এতিয়া ভগৱান শ্ৰীকৃষ্ণ ৰূপী হৰি আৰু হৰতনয় বাণ-নৰপতিৰ মাজত সংপ্ৰীতি সন্ধি সংঘটন হলে সি সাক্ষাৎ হৰিহৰ-সম্মিলন সদৃশ হব। বিশেষতঃ, আপোনাৰ সাধ্বীসতী কন্যা উষাদেবী যি মূলত গান্ধৰ্ব্ব বিবাহ-সূত্ৰেৰে কৃষ্ণনাতি প্ৰদ্যুমনন্দন অনিৰুদ্ধ কুমাৰৰে সৈতে সঙ্গতা হৈছে, সেই স্থলত আপুনি আপোনাৰ কন্যাক কুমাৰৰপৰা প্ৰতিগ্ৰহ কৰিবলৈ, কি অপৰ পাত্ৰত সম্প্ৰদান কৰিবলৈ বিধি নাই। তদুপৰি, শৌৰ্য্য, বীৰ্য্য, সৌন্দৰ্য্য, কুল আৰু সত্বসমন্বিত কুমাৰ অনিৰুদ্ধ হেন পুৰুষোত্তমক জামাতৃ লাভ কৰাটো আপোনাৰ পক্ষে অতি গৌৰৱ আৰু সৌভাগ্যৰ বিষয়। এই দৈবিক ঘটনা কুমাৰ-হৰণ আৰু উষা-হৰণেই হৰিহৰ-ৰণৰ মূল কাৰণ, এই অভাবনীয় ৰণেই নিমিত্তকাৰণ হৈ ভগৱান শ্ৰীকৃষ্ণৰ পদাৰ্পণে আজি পুণ্যভুমি শোণিতপুৰ সুপৱিত্ৰ কৰিলে। এতেকে, হে ৰাজন। মোৰ বোধেৰে, আপুনি হৃষ্টচিত্তেৰে কুমাৰী উষাদেৰীক কুমাৰ অনিৰুদ্ধদেৱলৈ সম্প্ৰদান দি, বৈষ্ণৱৰাজ