পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অগ্নিগড় লঙ্ঘন।
৫৯৩
 


ধৰিলেগৈ। কিন্তু, অমিততেজস্বী অদ্ভুতবল দৈৱকীনন্দন শ্ৰীকৃষ্ণদেৱে, গাত পৰা পোক-পৰুৱা এটা মোহাৰি পেলোৱাৰ দৰে, জ্বৰ বীৰক আছাৰি দলিয়াই পেলোৱাৰ পাচত, দুইৰো মাজত আকৌ এখন তুমুল সংগ্ৰাম লাগি উঠিল। বহুপৰ এই তয়াময়া ৰণ চলিবলৈ ধৰিলে। অৱশেষত জ্বৰ অৱসন্ন হৈ পৰিল। সদৌশেহত ভীমপৰাক্ৰমী দানৱ সেনাপতি জ্বৰ ঠাৱৰিবগৈ নোৱাৰি ৰণত পিঠি দেখুৱাই বিম্বাশব্দে বাণপুৰৰ অভিমুখে সবেগে প্ৰস্থান কৰিলে। পীঠৰক্ষক দানৱ সেনাদলে অপৰিচিত যাদৱ সেনাপতিৰ অদ্ভুত বল-বিক্ৰমৰ পৰিচয় পাই বিস্ময় মানি ছত্ৰভঙ্গ হৈ আতুৰভাৱে কিৰিলিয়াই দিহাদিহি পলাবলৈ ধৰিলে। পুৰুষসিংহ মহাতেজস্বী যদুনাথ শ্ৰীকৃষ্ণৰ অদ্ভুত ৰণকৌশল দেখি স্তম্ভিত হৈ তেওঁক শৰীৰধাৰী সৃষ্টিপালক স্বয়ং শ্ৰীহৰি বুলি মানি অৱশিষ্ট দানৱ সৈন্যবৰ্গ কেশৱৰ শৰণাগত হলহি (১)।


(১) “হৰিবংশ” ১৮০ আখ্য়া