পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯২
শ্ৰীকৃষ্ণ।
 

ষড়ভুজ নবলোচন কালান্তক যমমুৰ্ত্তিমান হৈ ‘ভস্ম’ নামক মহাস্ত্ৰ ধাৰণ কৰি, অধীনস্থ সৈন্যবল লগত লৈ নবাগত অপৰিচিত আক্ৰমণ কাৰী যাদৱ শত্ৰুৰ বিৰুদ্ধে অগ্ৰসৰ হল। ৰোহিনীনন্দন হলধৰে তেওঁক আদবাটতে আগভেটি ধৰিলেগৈ। দুই বীৰৰ মাজত এখন তয়াময়া ৰণ লাগিল। বহুপৰ যুদ্ধ চলিব লাগিছে, কিন্তু কেৱে কাকো হটাব পৰা নাই। শেহান্তৰত, দানৱ বীৰ জ্বৰে তেওঁৰ 'ভস্ম’ মহাস্ত্ৰ নিক্ষেপ কৰিলে। সেই অব্যৰ্থ কালান্তক অস্ত্ৰ গৈ হলধৰৰ বক্ষত নিক্ষিপ্ত হল। ভস্মাস্ত্ৰৰ দ্বাৰাই আহত হৈ তাৰ বেদনাত মহাসহিষ্ণু মহাবীৰ বলৰামৰ শৰীৰ জৰ্জ্জৰিত হৈ পৰিল। তেওঁ স্থিৰেৰে ৰব নোৱাৰি উভলি পৰা দামকলৰ পুলিৰ দৰে লুটিখাই পৰিল (১)। হলধৰৰ সেই পতনত ৰণস্থল কঁপিবলৈ ধৰিলে। ভস্মাস্ত্ৰ কৃষ্ণাগ্ৰজৰ বক্ষঃস্থলত প্ৰবিষ্ট হোৱাত তেওঁৰ সমস্ত শৰীৰ অন্তৰে-অভ্যন্তৰে প্ৰজ্বলিত হল। তাৰ জ্বালত ওষ্ঠাগতপ্ৰাণ হৈ তেওঁ ঘনউশাহ সলাবলৈ ধৰিলে। এনে আসন্ন সময়ত সৰ্ব্বতাপনাশক কৃষ্ণদেৱে কাষ চাপি গৈ উত্তপ্ত অগ্ৰজক এটি স্নিগ্ধ আলিঙ্গন দি, অদ্ভুত বলেৰে তেওঁৰ বক্ষৰপৰা সেই ভস্মাস্ত্ৰ বাজ কৰি নিক্ষেপকাৰী দৈত্যবীৰ জ্বৰৰ গালৈ ওলটাই মাৰি পঠিয়ালে। আত্ম-অস্ত্ৰৰ আঘাতত দৈত্যবীৰ জৰ্জ্জৰিত হৈ পৰিল। তাৰ পাচত, ভগবান শ্ৰীকৃষ্ণই অতি ধীৰ আৰু স্থিৰ ভাৱে হাঁহি হাঁহি এই বুলি দৈত্যসেনাপতি জ্বৰক যুঁজলৈ আহ্বান কৰিলে, “আহাঁ, দৈত্যবীৰ, চাপি আহাঁ, তোমাৰ গুণ-গৰিমা মই নিজ হাতে জুখি চাওঁ।” সেই আহ্বানৰ আৰম্ভণ শেষ হওঁতে নহওঁতেই চকুৰ পচাৰতে উত্তাল হৈ আগ বাঢ়ি গৈ দানৱবীৰ জ্বৰে যাদৱ মহাবাহু বাসুদেৱক গবাহ মাৰি


১) “হৰিবংশ’’,১৮০ আধ্যা।