প্ৰাণপ্ৰতিম চেনেহৰ নাতি প্ৰদ্যুম্ননন্দন অনিৰুদ্ধৰ নিৰুদ্দেশ বাৰ্ত্তা পাণ্ডৱ শিবিৰলৈ কোন সাহেৰে পঠিওৱা যায় এতিয়া! বলৰাম আৰু প্ৰদ্যুম্ন কোৱঁৰে এই দৰে যাদৱপ্ৰধান সকলৰে সৈতে অনাগুণা কৰি আছে, এনেতে এটি বাহিকা পখীয়ে (১) ওপৰৰপৰা সিবিলাকৰ মাজত এখনি পত্ৰ ক্ষেপন কৰি ভুৰুংকৰে নেদেখা হল।
পত্ৰত শ্ৰীমধুসুদন ৰুক্মিণীনাথ দ্বাৰকেশ্বৰক সমবোধন কৰা হৈছিল। পত্ৰ প্ৰেৰিত কামৰূপৰ কন্যাপুৰৰপৰা। পত্ৰত প্ৰেৰকৰ বা প্ৰেৰিকাৰ নাম নাই, কিন্তু বিশেষণেৰে সবিশেষ বুজাই কোৱা আছিল। সেই সবিশেষৰ বিশেষ নিৰ্দ্দেশ পাবলৈ বাসুদেৱৰ শয়ন-মন্দিৰৰ পকী দেৱালত চিত্ৰিত এটি চিত্ৰদৰ্শলৈ সঙ্কেত দিয়া হৈছিল। পত্ৰত দিয়া সেই সঙ্কেত অনুসৰি প্ৰদ্যুম্ন কোৱঁৰে তেওঁৰ মাতৃ ৰুক্মিণীদেৱীৰে সৈতে পিতৃদেৱ শ্ৰীকৃষ্ণৰ শয়নমন্দিৰত প্ৰৱেশ কৰি সেই চিত্ৰাঙ্কন পৰীক্ষা কৰি চালেগৈ। সেই চিত্ৰাঙ্কনেই অনিৰুদ্ধ কুমাৰ নিৰুদ্দেশ হোৱাৰ আদ্যোপান্তৰ বিশদ ব্যাখ্যা দিব লাগিছে; কিন্তু কৃষ্ণবিনে সেই ব্যাখ্যানুযায়ী কাৰ্য্যানুসৰণ কৰিবলৈ দ্বাৰকাত তেতিয়া দ্বিতীয় জন নাই। বিশেষত, কামৰূপ সম্বন্ধীয় অভিজ্ঞতা শ্ৰীকৃষ্ণৰ সমানে আন কাৰো নাই। তদুপৰি, পত্ৰত বিশদকৈ সঙ্কেত দিয়া আছে যে, সেই সমস্যাত যাদৱ কেশৰী স্বয়ং কেশৱৰ উপস্থিতি কন্যাপুৰত একান্ত বাঞ্ছনীয়। পত্ৰৰ মৰ্ম্মমতে যাদৱসকলৰ মাজত গভীৰ আলোচনা চলিল, আৰু তাৰ সিদ্ধান্ত এই হলগৈ যে, আগন্তুক মহাৰণৰ আয়োজন আলোচনাৰ্থে সেই সময়ত পাণ্ডৱ-বান্ধৱ শ্ৰীকৃষ্ণৰ উপস্থিতি কুৰুক্ষেত্ৰত যদিচ নিতান্ত অপৰিহাৰ্য্য,
(১) সেই কালত কোনো কোনো বিধৰ বাহিকা পখীৰ যোগে দুৰ-বিদেশলৈ চিঠি-পত্ৰ চলোৱাৰ প্ৰথা প্ৰচলিত আছিল; সেই পখীৰ ভিতৰত পাৰ পখী প্ৰধান৷ কোনো কোনো অদ্যাপিও সেই ৰীতিৰ প্ৰচলন আছে৷