পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭৪
শ্ৰীকৃষ্ণ৷
 

সহস্ৰবাহু (১) অমিত্ৰনাশী মহাসুৰ বাণ ৰজাই বাৰিষাৰ মেঘৱত গৰ্জ্জি উঠি স্বয়ং অনিৰুদ্ধ কুমাৰক বধিবলৈ আগ বাঢ়িলে। মন্ত্ৰী কুম্ভাণ্ডক লগত লৈ, ৰোষান্ধ বাণ নৰপতিয়ে উত্ৰাৱল ভাৱে উষা-অন্তঃপুৰত প্ৰৱেশ কৰিলেগৈ। পিতৃৰাজক উগ্ৰভাৱে ৰণোন্মত্ত হৈ অহা দেখি, প্ৰাণকান্ত অনিৰুদ্ধদেৱৰ প্ৰাণনাশৰ আশঙ্কাত অতিকৈ আতুৰা হৈ উষাদেবীয়ে বিনাবলৈ ধৰিলে। কুমাৰে লৰালৰিকৈ দুটা-চাইটা প্ৰবোধ বাক্যেৰে কুমাৰীক অভয় দান দি থৈ, সম্মুখ-সংগ্ৰামলৈ সিংহসদৃশে আগ বাঢ়িলে। বনৰ মাজত সিংহই যেনেকৈ মত্ত মাতঙ্গক ঠমকাখুৱাই ৰাখে, যদুসিংহ অনিৰুদ্ধ কুমাৰেও তেনেকৈ দানৱ মাতঙ্গ মহাসুৰ বাণৰাজক ঠমক খুৱাই ৰাখিলেগৈ (২)। কিন্তু, বেগৱতী নৈয়ে পৰ্ব্বত-ভেটা পাই পাৰ ভাঙ্গি ঢৌৱাই যোৱাৰ দৰে, মহা বেগীমনৰ বাণ ৰজাই আত্ম-বল-বিক্ৰম দুয়োপাশে বিস্তাৰি নিৰস্ত্ৰ কুমাৰক অদ্ভুত ৰণ-জালেৰে (৩) মেৰাই ধৰিলে। তাৰ পাচত, আকৌ এখন তয়ময়া ৰণ লাগি উঠিল। বহু পৰলৈকে হাৰ-জিত নাই, কেৱে কাকো হটাব পৰা নাই। শেহান্তৰত, সহস্ৰ অস্ত্ৰবিশাৰদ ৰণ-পণ্ডিত বাণৰজাই তেওঁৰ বছ-বছা বাণ-অস্ত্ৰাদি সহস্ৰ কৌশলেৰে নিক্ষেপ কৰি অপৰাজিত কৃষ্ণনাতি প্ৰদ্যুম্ননন্দনক নাগপাশেৰে (৪) বান্ধি পেলালে। কিন্তু, সিমানতে অনিৰুদ্ধ কুমাৰ


(১) বাণ-ৰজা সহস্ৰ অস্ত্ৰবিশাৰদ পণ্ডিত যোদ্ধা আছিল। তেওঁ সহস্ৰবিধ অস্ত্ৰেৰে ৰণত প্ৰবৃত্ত হৈছিল। সেই আপাহতে তেওঁক সহস্ৰবাহু বোলা যায়।

(২) হৰিবংশ, ১৭৫ আধ্যা।

(৩) তামসীবিদ্যা বা ভেলেকীবাণ। ময়াপী দানৱ এই বিদ্যাত পাকৈত আছিল বুলি অনেকে কল্পনা কৰে।

(৩) নাগ বা সৰ্পসদৃশ, বাণ। এই লেজুৱা বাণে লক্ষিত শত্ৰুক সৰ্পৰ দৰে মেৰাই ধৰি বান্ধি পেলায়।