পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উষা-হৰণ৷
৫৭৩
 

চলাবলৈ ধৰিলে। ভালেমান পৰলৈকে সংগ্ৰাম চলিব লাগিছে কিন্তু অমিততেজা বাদৰ কুমাৰ অলপো কাতৰ হোৱা নাই, বৰঞ্চ চতুৰ্গুণ বল-বিক্ৰমেৰে উত্তেজিত হৈ আক্ৰমণ কৰি তেওঁ শক্ৰসৈন্যক হতবুদ্ধি আৰু অস্থিৰ কৰি তুলিছে। দেখিশুনি আৰু যুঁজি-ভাগৰি অতিকৈ বিস্ময় মানি মহাসুৰ বাণৰজাৰ মহতী বাহিনীয়ে ৰণভঙ্গ দি ৰাজধানীৰ অভিমুখে আতুৰ ভাৱে পলাবলৈ ধৰিলে। (১)

 মহতী বাহিনীয়ে ৰণভঙ্গ দিয়া দেখি সহস্ৰভুজ দানৱোত্তম মহাসুৰ বাণ-ৰজাৰ মন অলপো বিচলিত নহল। তেওঁ নিশ্চিন্তভাৱে পুনৰণি নানাপ্ৰহৰণধাৰী সুমহৎ ’ৰৌদ্ৰ’ (২) সৈন্যদলক অনিৰুদ্ধ নিগ্ৰহাৰ্থে প্ৰেৰণ কৰিলে। এই নতুন বাহিনীয়ে উষা-অন্তঃপুৰত গৈ পুনৰপি প্ৰাণপণে তুমুল সংগ্ৰাম পাতিলেগৈ। অমিত্ৰবাতী বলিনন্দন বাণ-ৰজাৰ উত্তেজনাত উত্তেজিত হৈ, ৰৌদ্ৰ-বাহিনীয়ে বিষম আক্ৰোশেৰে আক্ৰমণ কৰিলেগৈ। কিন্তু অদ্ভুত বীৰ অনিৰুদ্ধ কুমাৰৰ ৰণ-কৌশলৰ আগত সৰহপৰ ঠাৱৰিব নোৱাৰি সেই বাহিনীয়েও ৰণত পিঠি দেখুৱাই পলাই ফাঁট মাৰিলে। সেই প্ৰচণ্ড বলশালী ৰৌদ্ৰ-সৈন্যদল পৰাস্ত হোৱাটো বাস্তৱতে এটা অদ্ভুত ঘটনা হোৱাদি হল। সেই বাহিনীৰ অনেকৰ মনত এনে ধাৰণা হল যে, উষা-অন্তঃপুৰস্থ সেই অদ্ভুত কুমাৰক পিচৰপৰা কোনোবা ময়াপী ক্ষমতাই অলৌকিকভাৱে সহায় কৰিছিল (৩)। সেই ধাৰণাই ৰাজকীয় সৈন্যদলক হতাশ কৰি ৰণভঙ্গ দিয়ালে। সেই কথাত


(১) আৰু (২) হৰিবংশ, ১৭৫ আধ্যা৷

(৩) আগেয়ে যথাস্থানত সঙ্কেত্ দি অহামতে, চিত্ৰলেখা আৰু প্ৰজ্ঞাসুন্দৰীৰ গুপ্ত দিহাকৰণ অনুসৰি উষা-অন্তঃপুৰ ৰখীয়া সৈন্য দলে গুপ্তভাৱে কুমাৰৰ হৈ ৰৌদ্ৰ বাহিনীৰ বিৰুদ্ধে ৰণ দিছিল৷