মথুৰা আৰু হস্তিনাপুৰৰ শুভবাতৰি শুনালেহি। শুনি শুনি ভগন্ত শ্ৰীকৃষ্ণই অতৃপ্ত সুখ অনুভৱ কৰি, বিশুদ্ধ সত্বশ্বৰূপ অনিন্দিত শ্যাম কলেৱৰৰ (১) সুঠাম বাম উৰুৰ ওপৰত সুকোমল দক্ষিণ চৰণকমল বিন্যস্ত কৰি, পাৰ্থিব জীৱনশীল সামৰণৰ সমাধি আৰম্ভ কৰিলে। ইতিছেগতে মহৰ্ষি বেদব্যাসৰ সুহৃদ আৰু সখি পৰাশৰ মুনিৰ শিষ্য যোগসিদ্ধ মৈত্ৰেয় মুনিৰে সৈতে বাসুদেৱৰ বান্ধৰ উদ্ধৰে শ্ৰীকৃষ্ণৰণান্বেষণ কৰি ফুৰি ফুৰি, সেই সমাধিস্থ অৱস্থাতে ভগৱন্ত শ্ৰীকৃষ্ণৰ চৰণ দৰ্শন লাভ কৰি চৰিতাৰ্থ জ্ঞান কৰিলে (২)। মৈত্ৰেয় মুনি ভগৱান বাসুদেৰ শ্ৰীকৃষ্ণৰ এজন একান্ত অনুৰক্ত ভক্ত পুৰুষ, গতিকে তেওঁ সমাধিস্থ শ্ৰীকৃষ্ণদেৱৰ চৰণ দৰ্শন কৰা মাত্ৰকে ব্যাধিয়েও প্ৰকৃতে পাব পৰা নাই -কৃষ্ণস্তু স্বয়ং ভগৱান”; মানৱ ব্যাধৰ শৰ- সন্মানৰ অতীত, আৰু স্বাস্থ্যৰ মূৰ্তিমান আদৰ্শ পুৰুষ বাসুদেব দ্বাপৰ যুগৰ ১২ বছৰীয়া বয়সত (যেতিয়া তেওঁৰ পিতৃ বাসুদেৱে ১৬৬ আৰু ভীষ্মদেৱে ১৫৭ বছৰীৰ মানৱ জীৱন ধাৰণ কৰিছিল) জৰাৰোগগ্ৰস্ত হোৱাটো পতিয়াৰলৈ টান। (ঙ) ভগৱন্ত শ্ৰীকৃষ্ণৰ ইচ্ছাকৃত তত্যাগ অমানুষিক ব্যাপাৰ। ইচ্ছাপূৰ্বক উদাহ-নিশাহ ক কৰি আত্মতত্ত্বজ্ঞানত তন্ময় হৈ সজ্ঞানে আৰু সুচিত্তে দৈৱকীনন্দন বাসুদেৱে পাৰ্থিব তনু ত্যাগ কৰি বৈকুণ্ঠ প্ৰয়াশ কৰে। বিষয়াবিষ্টচিত্ত জনগণৰ পক্ষে শ্ৰীকৃষ্ণৰ অত্যাগ ধাৰণাতীত; সমাধিস্থ আত্মতক্ত লোক পক্ষে যে সেইভাৰ অনুভৱ সৰপৰ। (১) খামাবদাত বিজং প্ৰশান্তাকালোচনং। দোতিতুৰ্তিৰ্বিদিতং পীতকৌম্বৰে।” শ্ৰীমদ্ভাগবত, তৃতীয় স্ক, ৪ৰ্থ অধ্যা. লোক। (২) “অস্মিন মহাভাগৱতত দ্বৈপায়ন হৃৎসখা। লোকান সিদ্ধ আসসাদ যদৃচ্ছ।” -মভাগত, তৃতীয় স্ক, চতুৰ্থ অধ্যা, গোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৩০৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই