পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৩০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৪। আধ্যা। ৰাম-কৃষ্ণৰ মহাপ্ৰয়াণ। শ্ৰীকৃষ্ণলীলাৰ সামৰণ। যদুবংশ ধ্বংসৰ পাচত, ঠেযুত যদুবংশৰ শেহতীয়া একেটি বংশধৰ উনন্দন বজ্ৰ কোৱঁৰক নিৰাপদকৈ ৰাখি যাবৰ উদ্দেশ্যে, শ্ৰীকৃষ্ণই তেওঁৰ সাৰথি দাৰুকক এই বুলি অনুজ্ঞা-উপদেশ দিলে, “দাক! অনতিপলমে দ্বাৰকা নগৰী আৰু যদুবংশ সমূলঞ্চে ধংস হব! (১) মোৰ পৰিাতি ৰন্দ্ৰ কোৱঁৰ মাথোন আদিকা ৰংশধৰ থাকিবগৈ। এওঁৱেই যদুবংশৰ মুমলীয়া বংশধৰ। পৃথিবীত মোৰ বংশ ৰক্ষাৰ হেতুকে এই সদৌ- শেহতীয়া কোৱক নিৰাপদকৈ আঁতৰাই ৰাখি যোৱাই মোৰ শেষ কৰ্ত্তব্য। মই আজিৰপৰা সপ্ত-অহোৰাত্ৰৰ মধ্যতে ইহলীলা সংবৰণ কৰিম। তুমি ইতিমধ্যত মোৰ ৰথত তুলি, উষানন্দন অনিৰুদ্ধতনয় বজ্ৰ কোৱঁৰক মোৰ পৈতৃক ৰাজ্য মথুৰালৈ নি, মধুপুৰত থিতাপিকৈ থোৱাগৈ। তাৰ পাচত, তুমি হস্তিনাপুৰলৈ গৈ, ধৰ্মৰাজ যুধিষ্ঠিৰ প্ৰমুখ্যে মোৰ পৰম ৰান্ধৰ পাণ্ডৱসকলক যদুবংশধংসৰ বাতৰি দিব। সেই ছেগতে, মোৰ পৰমভক্ত সুভদ্ৰাপতি প্ৰাণসখি অৰ্জুনক মোৰ এই অনুৰোধ জ্ঞাপন কৰিবাগৈ, তেওঁ যেন আজিৰপৰা সাতদিনৰ মূৰত দ্বাৰকালৈ আগমন কৰি, লৰাতিৰোতাদি সমন্বিতে বৃদ্ধ যাদৱবৰ্গক অনতিপলমে (১) প্ৰতিষ্ঠিত আৰকা নগৰী” অধৰ্মাচৰণৰূপ পাপৰপৰা উৰিত হৈ, যাতে মমণি প্ৰসবিনী পুণ্যভূমি ঢৌৰাই যোৱা পঞ্চনদৰ সাগৰসঙ্গমৰ পুণ্য- সলিল সিকালৰ কাৰণে অবগাহিত হয়, সেইটো তেতিয়াই ৰাকেশ্বৰ শ্ৰীকৃষ্ণৰ ফতি কামনা আহিল। তাৰে ফলস্বৰূপ, এতিয়া সেই কাৰাগৰী* সাগৰৰ গতি-পৃথিৱীৰ ওপৰত নাই।