নেদেখাকৈ কুমাৰক সঙ্কেতেৰে আঁৰললৈ মাতি নি, চিত্ৰলেখাই তেওঁৰ দ্বাৰকা-আগমনৰ গুপুত উদ্দেশ্যৰ বিষয়ে বিবৰি কলেগৈ। সেই বিৱৰণৰ কথাপ্ৰসঙ্গত, উষাদেবীয়ে অনিৰুদ্ধ কুমাৰক সপোনত পতিভজনা কৰা বৰ্ণনা শুনি, অতিকৈ বিস্ময় মানি কুমাৰে নিজ দশা গুণিবলৈ ধৰিলে। তেওঁ অতিশয় বিস্মিত ভাৱে চিত্ৰলেখাক তেওঁৰ মনোভাব ভাঙ্গি কলে যে, তেওঁৰো সেই একে দশা —তেওঁৱো ঠিক সেই ৰাতি, সেই ক্ষণতে, সেই অনুপমা ৰূপহী উষাদেবীক সপোনত পত্নীৰূপে সম্ভোগ কৰিছিল। আৰু সেই ক্ষণ ধৰি তেওঁৰ প্ৰতি তেওঁৰ একান্ত ধাউতি হৈছে। তাৰ পাচত, অনিৰুদ্ধ কুমাৰে উষা-মিলনৰ উদ্দেশে শোণিতপুৰলৈ যাত্ৰা কৰাৰ অভিপ্ৰায় চিত্ৰলেখাত উপযাচি জ্ঞাপন কৰিলে। সেই কথাত সিদ্ধ সংকল্প বিবেচিত হৈ চিত্ৰলেখাই অতি হৃষ্টচিতেৰে কুমাৰৰে সৈতে গুপুতে আলচ পাতি এই স্থিৰ কৰিলে যে, চিত্ৰলেখাৰ ওলটা যাত্ৰাতে কুমাৰেও শোণিতপুৰলৈ যাত্ৰা কৰিব; কিয়নো, প্ৰকাশ্যে সেই কাৰ্য্য হৈ উঠা অসম্ভব। বিশেষতঃ, যদুসিংহ ভগবান শ্ৰীকৃষ্ণৰ অনুপস্থিতিত যাদৱসকলে সেই গুৰুতৰ বিষয়ত তেওঁক সম্মতি দিয়াৰ সম্ভাৱনা নাই। গতিকে, কুমাৰৰ শোণিতপুৰযাত্ৰা গোপনে হোৱাটোৱেই স্থিৰ হল৷
চিত্ৰলেখাৰ উদ্দেশ্য সিদ্ধি হল। কিন্তু, সেই বাবে তেওঁ আনন্দ- বিহ্বলা হোৱা নাছিল। তেওঁ সুদুৰ আৰু অতিসূক্ষ্ম দৃষ্টিৰে আগধৰি দেখিছিল যে, শোণিতপুৰত গৈ কুমাৰ নিৰাপদ নহবগৈ; তাত তেওঁ নিশ্চয় বাণৰজাৰ হাতত বন্দী হবগৈ লাগিব। আৰু তাৰপৰা তেওঁক মুক্ত কৰিবলৈ এক শ্ৰীহৰি শ্ৰীকৃষ্ণত বাজে আনৰ ক্ষমতাই নাটিব (১)। সেই কাৰণে, বুদ্ধিমতী সুকৌশলা চিত্ৰলেখাই আকাৰত সাকাৰ দেখুৱাই
(১) এয়ে শোণিতপুৰত “হৰি-হৰ যুদ্ধ’’ৰ সূচনা।