পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬৪
শ্ৰীকৃষ্ণ।
 

কৰি আছে। কুমাৰ কিন্তু নিজে সেই সুখ-শান্তি অনুভৱত নাই, তেওঁ আন কিবা এটা ভাবত বিমনা হৈ ৰৈছে; কিবা উদ্দেশে তেওঁৰ মন প্ৰাণ চঞ্চল, উদাস আৰু উৰো-উৰোঁ! তেওঁৰ মনোভাব আৰু বাহ্যিক গতি-গোত্ৰলৈ নিবিষ্টমনেৰে লক্ষ্য কৰি থাকি, অৰ্থতত্ত্ববিশাৰদা চিত্ৰলেখাই অনুমানত ধৰি উঠিল যে, তেওঁৰ সখী উষাদেবীৰ দৰেই কামদেৱ- নন্দন (১) অনিৰুদ্ধ কুমাৰক সপোন ৰাজ্যৰ কিবা এটি ৰাগিয়ে বিষমকৈ টলাইছে। চিত্ৰলেখাৰ এই ধাৰণা মনত দকৈ বহিল যে, আত্মাই আত্মাক অন্বেষণ কৰে; সপোনৰাজ্যত তেনেকুৱা আত্মাৰ অদ্ভুত মিলন হয়। এতেকে, উষাদেবীক যাৰ মোহন মুৰ্ত্তিয়ে বিচলিত কৰিছে, জানোবা তেওঁকো সেই দৰেই উষাদেবীৰ অনুপমা মুৰ্ত্তিয়ে টলাব লাগিছে? ইত্যাদি গুণা গঁথা কৰি অতি বুদ্ধিমতী আৰু সুকৌশলা চিত্ৰলেখাই উষাদেবীৰ চিত্ৰপট এখনি সমুখকৈ বাওঁহাতে নিজৰ বুকুত লগাই ধৰি সোঁহাতেৰে অনিৰুদ্ধ কুমাৰৰ অনুকৃতি চিত্ৰ এখনি দাঙ্গি ধৰি, নিলগত কুমাৰৰ দৃষ্টি সাপেক্ষ একেঠৰে বুকু পাতি থিয় হৈ আছে; এনেতে হঠাৎ সেই চিত্ৰাৰ্পিত বক্ষলৈ কুমাৰ অনিৰুদ্ধৰ চকু পৰিল। দেখামাত্ৰে উষাচিত্ৰিত চিত্ৰপটে তেওঁক অকস্মাৎ বিচলিত কৰি তুলিলে। পিচ মুহূৰ্ত্তত, সাক্ষাৎ যুগলমূৰ্ত্তি স্বৰূপে, তেওঁৰ নিজৰ চিত্ৰাকৃতিও একেলগে চিত্ৰলেখাৰ বুকুত সংলগ্ন দেখি অত্যধিক বিস্ময় মানি মনে মনে কিবা কথা সুমৰি চাই কুমাৰ বধ লাগিল। তাৰ পাচত, তেওঁ সেই নাৰীমণ্ডলীক তন্ময় ভাবত তাতে এৰি থৈ, চাঁট্ কৰে বাহিৰলৈ ওলাই আহি চিত্ৰলেখাৰ আগত থিয় দিলেহি। অনিৰুদ্ধ কুমাৰে উষাচিত্ৰটিলৈ একান্ত মনেৰে চাই চাই এটি দীঘল হুমুনিয়াহ পেলাই চিত্ৰলেখাৰ পৰিচয় লবলৈ ধৰিলে। সেই ছেগতে, আনে


১) প্ৰদ্যুন্ম্ কোঁৱৰৰ অপৰ নাম কামদেৱ।