পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰেণয। qwa গনিত তেওঁৰ অস্ত্ৰশস্ত্ৰ সন্ত জ্বলন্ত জুই-আঙনিৰ দৰেজ্বলিবলৈ ধৰিলে ৰথৰ ভিতৰত এটা অতি ৰোমাখক ভীষণ শৰ উঠিল; তেওঁৰ বাওঁচকু আৰু ৰাওঁবাহু আচম্বিতে লৰিবলৈ ধৰিলে। তথাপি, তেওঁ প্ৰাণটাকি যুঁজিবলৈ নেৰিলে; আকৌ তেওঁ ডেৰকুৰি হাজাৰমান শত্ৰুসেনা বধ কৰিলে (১)। মহাযোদ্ধা অস্ত্ৰগুৰু সোণাচাৰ্য্যৰ প্ৰচণ্ড তেজ সহিব নোৱাৰি ধৃষ্টদ্যুম্ন অস্থিৰ হৈ পৰিল। এনেতে, ভীমসেন ধৃষ্টদ্যুম্বক সহায় কৰাৰ উদ্দেশ্যে উত্ৰাৱল হৈ গৈ গদাযুদ্ধ আৰম্ভ কৰিলে। তেওঁ দ্ৰোণাচাৰ্যৰ দ্বাৰাই নিক্ষিপ্ত ব্ৰহ্মাস্ত্ৰ পৰ্যন্ত গদাঘুৰণিৰে সৈতে ওফৰাই পঠিয়াই, আকৌ আগৰ গৰিহণা তীব্ৰভাৱে দোহাৰিবলৈ ধৰিলে। দ্ৰোণাচাৰ্য্যৰ অন্তৰত উমাই উমাই জ্বলি থকা অনুতাপৰ জুই আকৌ ভমকৰে জ্বলি উঠিল; তদুপৰি ভীমসেন আৰু ধৃষ্টদ্যুম্ভ হেন দুজন মহাৰাহু আৰু মহাৰথৰ লগত যুঁজি খুঁজি দ্ৰোণাচাৰ্য্য নিতান্ত কাতৰ হৈ পৰিল, আৰু তাৰ লগে লগে মৰণ বাঙ্গাই তেওঁৰ অন্তৰত প্ৰৱল ভাৱে খেলাবলৈ ধৰিলে। তেওঁৰ একান্ত ইচ্ছা যে, অধৰ্ম যুদ্ধ কাৰ্যত লিপ্ত থকাতকৈ যেন অনতিপলমে তেওঁৰ মৰণ মিলে। এই বাৰে সৈতে দ্ৰোণাচাৰ্যই ধৃষ্টদ্যুমৰ প্ৰতি হৃষ্টচিতেৰে নিৰীক্ষণ কৰি লৈ মনতে ভীমৰ গৰিণা আৰু অষি-মুনিসকলৰ সাধুবাক্য স্মৰণ কৰি, ধৰ্মযুদ্ধত একান্ত মনেৰে প্ৰকৃত ল। ইয়াৰ পাচৰপৰা দ্ৰোণাচাৰ্যই উদাসীনভাৱে যুদ্ধ কৰিবলৈ ধৰিলে। কৰ্ত্তৰ শাসন এৰাব নোৱাৰি তেওঁ তেতিয়ালৈকে অস্ত্ৰ পেলাব পৰা নাই সঁচা, কিন্তু শাৰীৰিক আৰু মানসিক অতিক্ৰমৰ ফলত তেওঁ ক্ৰমাৎ দুৰ্বল আৰু তেজোহীন হৈ আহিল। তেওঁৰ যুদ্ধ মাৎ মৃদু (১) মত, লোপ ঘোষ ধ্যা।