পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুমাৰ-হৰণ
৫৬১

উপৰিগুৰুজনৰ প্ৰতি যি ভক্তিভাব উদ্ৰেক হব লাগে, সেই ভক্তিভাবত গদগদ হৈ তেওঁ ক্ষন্তেক তলমূৰকৈ নিটাল মাৰি ৰল। তাৰ পাচত, আকৌ চাই চাই নি যেতিয়া কন্দৰ্পতনু প্ৰদ্যুম্ন কোৱঁৰৰ চিত্ৰত তেওঁৰ দৃষ্টি পৰিল, তেতিয়া তেওঁৰ বাঞ্ছিত চিত্ৰৰ ওচৰ-সাদৃশ্যৰ আগন্তুক আশাই কুমাৰীক প্ৰকাশ্যে টলাবলৈ ধৰিলে। তেওঁ সেই চিত্ৰৰ চৰণযুগলত একান্ত ভক্তিদৃষ্টি ৰাখি ক্ষন্তেক তৱধ লাগিল। তাৰ পাচত, ক্ৰমাৎ আশান্বিত হৈ মূৰ তুলি চাই নিওঁতে নিওঁতে যেতিয়া সদৌশেহত অনিৰুদ্ধ কুমাৰৰ চিত্ৰত কুমাৰীৰ চকু পৰিল, তেতিয়া তেওঁ আনন্দবিহ্বল হৈ উত্ৰাৱল চিতেৰে এই বুলি চিয়ঁৰ মাৰি উঠিলে, “সখি, সখি। এইয়া, এওঁৱেই এওঁৱেই মোৰ সেই ব্ৰহ্মচৰ্য্যব্ৰতনাশী সতীত্বৰক্ষক প্ৰাণনাথ।”

 চিত্ৰলেখাৰ লেখনিত যেতিয়া চোৰ ধৰা পৰিল, তেতিয়া সখীমণ্ডলীৰ অনুৰোধত তেওঁ সেই পুৰুষ জনৰ নাম, গুণ, শীল, অভিজাত্য আৰু আঁতি গুৰিৰ বিষয়ে এই বুলি চমুকৈ চিনাকি দি থলে, “হে সখিসকল। এই মদনমোহন পুৰুষ-ৰতন আন কোনো নহয়, ৰুক্মিণীনাথ যাদৱকেশী ভগবান শ্ৰীকৃষ্ণৰ নাতি, আৰু বৃষ্ণিকুলতিলক ৰুক্মিণীনন্দন প্ৰদ্যুম্ন কোৱৰৰ পুত্ৰকুমাৰ অনিৰুদ্ধ। কুমাৰ এতিয়া শ্ৰীকৃষ্ণৰক্ষিত মৰ্ত্যৰ অমৰাৱতী দ্বাৰাৱতীত (১) সুৰক্ষিত। মহাসুৰ ৰাণৰাজৰক্ষিত শোণিত পুৰলৈ যি ৰূপে ভীমবিক্ৰম আদিত্য, বসু, ৰুদ্ৰগণ কিম্বা মহাতেজঃসম্পন্ন অশ্বিনীকুমাৰ যুগলৰো প্ৰৱেশ দুসাধ্য, তদ্ৰূপ যাদৱকেশৰী শ্ৰীকৃষ্ণৰ দ্বাৰাই ৰক্ষিত দ্বাৰাৱতীলৈ প্ৰৱেশো দুসাধ্য।” (২)

 চিত্ৰলেখাৰ লেখনিয়ে উষাপ্ৰাণত যি দৰে সঞ্জীৱনী শক্তি সঞ্চাৰ


(১) দ্বাৰকা ৰাজ্যৰ ৰাজধানীৰ নাম দ্বাৰাৱতী।

(২) ইয়াৰ আগেয়ে মধ্যলীলা খণ্ডত শ্ৰীকৃষ্ণৰ দ্বাৰকানগৰী সংস্থাপন বিষয়ক বৰ্ণনা বিস্তাৰিত ভাৱে দিয়া গৈছে।