পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জয়দ্ৰথ বধ
৭৭৩
 

স্বয়ং কৃষ্ণয়ো তাৰপৰা অব্যাহতি পোৱা নাই। অপৰ পক্ষৰপৰা দুৰ্জ্জয় ধনঞ্জয়ে শত্ৰুদলনত এফেৰিও ত্ৰুটী কৰা নাই; তেওঁ গাণ্ডীবত বছা বছা কালান্তক শৰ যোজনা কৰি, একে একে শৰতে অনেকানেক শত্ৰুক ঢলিয়াই পেলাইছে। এই ৰণ অতি ভয়াবহ; বাস্তৱতে অতি হৃদয়বিদাৰক আৰু দৃশ্য অতিশয় নিকৰুণ। এনে ৰণত সাৰথি হৈ ভগৱান শ্ৰীকৃষ্ণই কৰিছে কি?—কৰ্ত্তব্যৰপৰা চুলি পৰিমাণো নিপিছলি অকাতৰে, বৰঞ্চ বিশেষ কৌশল আৰু দক্ষতাৰে সৈতে ৰথী অৰ্জ্জুনক তেওঁৰ শত্ৰু নিপাতলৈ চল লগাই দিছে। এই ৰণত আদিৰপৰা অন্তলৈকে গোপাল গোবিন্দ গোপীনাথ শ্ৰীকৃষ্ণ স্থিৰ, ধীৰ, অচল, অটল, প্ৰশান্ত আৰু উদাসীন! এই ৰণ সমস্ত দিনব্যাপী হৈছিল। সদৌশেহত, আবেলি বেলিকা নাৰায়ণী সেনাক সমুলঞ্চে নিপাত কৰি অৰ্জ্জুনে জয়লাভ কৰিলে।

 ইয়াৰ পাচত, কৃষ্ণাৰ্জ্জুন পাণ্ডৱ শিবিৰৰ মুখে উলটিল। উদ্দেশ্য দ্ৰোণাচাৰ্য্যৰ প্ৰতিজ্ঞা ভঙ্গ কৰি পাণ্ডৱৰাজ যুধিষ্ঠিৰক ৰক্ষা কৰা। কিন্তু, পৰিতাপৰ বিষয় যে, সিবিলাক সন্ধিয়াপৰত আহি পোৱাৰ আগতে ইফালে সেই দিনাৰ ৰণৰ সামৰণী পৰিল। পাণ্ডৱ শিবিৰ জঁয় পৰা দেখি আৰু কৌৰৱ শিবিৰত আনন্দৰ জয়ধ্বনি শুনিয়েই অৰ্জ্জুনৰ বুকুত বিষম বিপদৰ আশা বাজিবলৈ ধৰিলে। তেওঁ ঘনে ঘনে তেওঁৰ সৰবজান সদৃশ গুৰু-বান্ধৱ সাৰথি শ্ৰীকৃষ্ণক উদ্বিগ্নভাৱে সোধে, পাণ্ডৱৰ সম্ভৱপৰ আপদৰ কথা;— কৃষ্ণ কিন্তু নিৰুত্তৰ। অৱশেষত শিবিৰত প্ৰৱেশ কৰি যি সম্ভেদ পালেহি, সি কৃষ্ণাৰ্জ্জুনৰ ওপৰত বজ্ৰপাত পৰাদি পৰিল। অৰ্জ্জুন শোকত অধীৰ হৈ পৰিল৷ তেওঁ অত্যন্ত বিহ্বল হৈ “হাঁ অভিমন্যু’’ বুলি ঢলি ঢলি পৰিবলৈ ধৰিলে৷ কৃষ্ণ কিন্তু স্থিৰ, ধীৰ, গহীন, গভীৰ আৰু প্ৰসন্ন৷ যোগেশ্বৰ শ্ৰীকৃষ্ণ স্বয়ং শোক-মোহৰ