পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুমাৰ-হৰণ
৫৫৯
 

টানিবলৈ ধৰিলে। উষাদেবীৰ সেই অপ্ৰস্তুত অৱস্থালৈ মন কৰি অৰ্থতত্ত্ববিশাৰদা কুম্ভাণ্ডদুহিতাই আকৌ আনভাৱে দু-আষাৰ এই বুলি কবলৈ ধৰিলে, “সখি। আতিকৈ উতলা নহবাঁ এথোন। কিয়নো, তুমি সপোনত যিজন অশ্ৰুত আৰু অদৃষ্ট পুৰুষক ভৰ্ত্তা পাইছিলাঁ, তেওঁৰ কুলকীৰ্ত্তি বা পৌৰুষৰ বিষয়ে তো আমি কেৱেঁ একো নাজানোঁ, তুমি তেওঁৰ স্বৰূপৰ আভাস আৰু বৰ্ণনা নিদিলে আনে সেই নেদেখা-জনক কেনেকৈ চিনিব?” সখীৰ সেই কথা শুনি কুমাৰী হতাশত বিৱশ হৈ ততালিকে মাটিত ঠাচকৰে পৰি মূৰ্ছা গল! তেতিয়া আকৌ সদৌ সখীয়ে ধৰি-মেলি শুশ্ৰুষা কৰাত অলপ সংজ্ঞা পাই উষা-দেবীয়ে হতাশত দীঘল মুনিয়াহ কাঢ়ি অতি কাতৰস্বৰেৰে এই বুলি মনস্তাপ ব্যক্ত কৰিলে, “হে সখি! সেই মোৰ হৃদয়হাৰী পুৰুষোত্তমৰ আঁতিগুৰিৰ বিষয়ে মই নো কেনেকৈ কওঁ। সেই অনুপম পুৰুষৰত্বৰ উপমাকে বা পাওঁ ক’ত? তেওঁ মোৰ হিয়াৰাজ্য অধিকাৰ কৰি মোৰ অন্তদৃষ্টিত ফটফটীয়াকৈ জিলিকি আছে; কিন্তু আনৰ দৃষ্টিত জিলিকাবলৈ মোৰ উপায় নাই!” এনেতে, প্ৰিয়তমা সখী চিত্ৰলেখাই এই বুলি মাত লগালে, “হে সখি। তাৰ উপায় অৱশ্যে হব, তুমি মাথোন প্ৰকৃতিস্থা হোৱাঁ।” সখী চিত্ৰলেখাৰ আশ্বাসত প্ৰাণদান পোৱাদি পাই অতি আথে-বেথে উষাদেবীয়ে এই বুলি কৈ স্থিৰ হৈ বহিল, “সখি! মই স্থিৰ হৈছোঁ। দিয়া, মোক সেই জীৱন ধাৰণৰ উপায় দিয়া।” তেতিয়া, শান্তিময়ী চিত্ৰলেখাই সেই উপায়-বুদ্ধি সখীমণ্ডলীৰ আগত এই বুলি ব্যক্ত কৰিলে, “যি বিদ্যাৰ বাবে মোৰ নাম চিত্ৰলেখা, সেই বিদ্যাৰ প্ৰভাবেৰেই মই জগতৰ সুপুৰুষসকলৰ চিত্ৰ আঁকিম:— দেৱ, দানৱ ৰক্ষ, উৰগ আৰু ৰক্ষসৰ মাজত যি সকল অতি প্ৰভাৱী আৰু নৰ লোকতো যি সকল ৰূপে-গুণে-প্ৰভা-যশষ্যায় বিশিষ্ট আৰু প্ৰখ্যাত