পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাজত লগা থৈ ৰণৰ বিষয়ে চমুকৈ বৰ্ণাই আহিছোঁ। তাত বাজেও দুয়োপক্ষৰ অলেখ বীমণ্ডলীৰ মাজত বিবিধ বিধিৰে সমানে সমানে সংগ্ৰাম চলিব লাগিছে। তদুপৰি, হেজাৰ-বিজাৰ ৰণাৰোহ, অশ্বাৰোহী হাতী-আৰোহী আৰু পদাতিকৰ মাজত নিৰ্ধাৰিত নিয়মে নিয়াৰিকৈ ৰণ চলি আছিল, কিন্তু শেহান্তৰত দুয়োপক্ষই ৰণোন্মত্ত হৈ ৰণনীতি ভঙ্গ কৰি বেমেজালি ঘটাবলৈ ধৰিলে। এনেতে এই দৃশ্যত ৰণপণ্ডিত শ্ৰীকৃষ্ণৰ সূক্ষ্মদৃষ্টি পৰাত, আচম্বিতে ৰণকেন্দ্ৰত সামৰণীৰৰ শঙ্খধবনি বাজি উঠিল,-ততালিকে খোদ্ধাবৰ্গ ঠায়ে ঠায়ে ঠৰ লাগিল। আজিলৈ কুৰুক্ষেত্ৰ মহাৰণ আৰম্ভণৰ ইমানতে সামৰণ হল।” (১) মাৰ, ভীম, অখ্যা।