পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

988 শ্ৰীকৃষ্ণ। ৰাজনৈতিক মহাপুৰুষ আৰু আধ্যাত্মিক মহাশক শ্ৰীকৃষ্ণৰ গীতা শাস্ত্ৰ ব্যাখ্যাৰ উদ্দেশ্য সিদ্ধি হোৱাত (১), পাণ্ডৱ কেশী ধনুৰ্ধৰ ধনঞ্জয়ৰে সৈতে পৰম উলাহেৰে তেওঁ পাণ্ডৱ শিবিৰৰ মুখে পুনৰপি ৰথ চলাই দিলে। কৃষ্ণাৰ্জুনৰ পুনৰপি শিবিৰ প্ৰৱেশত পাণ্ডৱবাহিনীৰ প্ৰাণত আনন্দ-উলাহে নধৰা হল। সদৌ শেহত, সৰ্বস্বৰূপ সঞ্জয় মন্ত্ৰীয়ে ধৃতৰাষ্ট্ৰৰজাৰ আগত কুৰুক্ষেত্ৰ মহাৰণৰ আয়োজনৰ বৰ্ণনা দিয়া প্ৰসঙ্গত এই অদ্ভুত কৃষ্ণাৰ্জ্জুন-সম্বাদ বৰ্ণনা কৰি, এই বুলি মন্তব্য প্ৰকাশ কৰিলে, “হে মহাৰাজ। ভগৱান বাসুদেৱ আৰু মহাৰাহু অৰ্জুনৰ মাজত হোৱা ৰোমাঞ্চক যগতত্ত্ব ব্যাখ্যা শুনি আচৰিত হলো। যি শক্তিৰে মই আপোনাক কুৰুক্ষেত্ৰ মহাৰণৰ বিষয়ে দাড়ৰ বাতৰি দাড়ে দি আহিছে, সেই শক্তিৰ প্ৰভাবেৰেই কৃষ্ণাৰ্জুনৰ মাজত হোৱা গুহতম যোগত মই হুবহু শুনি চৰিতাৰ্থ হলো। হে মহাৰাজ। সেই অদ্ভুত কথোপকথন মই সুমৰি চাওঁমানে মোৰ অন্তৰ আনন্দত পুলকিত হয় (২)। হে ৰাজ! শ্ৰীকৃষ্ণৰূপ হৰিৰ (১) সাংসাৰিক মায়া-মোহ ভঙ্গ কৰি, নিবৃত্ত অৰ্জুনক যুদ্ধত প্ৰবৃত্ত কৰাটোৱেই গীতাশাস্ত্ৰ ব্যাখ্যাৰ মুখ্য উদ্দেশ্য আছিল। অথবা, সেই উদ্দেশ্যেই কৃষ্ণধৰ্মশাস্ত্ৰ গীতাৰ সৃষ্টি হয়। এতিয়া, অৰ্জুন যুদ্ধত প্ৰবৃত্ত হবলৈ প্ৰতিশ্ৰুত হোৱাত, সেই উদ্দেশ্য সিড়ি বা সাক্ষম হৈছে। (২) হাতি গীতায় ভগবান শ্ৰীকৃষ্ণই পৰম শিষ্য অৰ্জুনৰ আগত মান ব্যাখ্যা কৰিছিল। সেই পৰম হোতে সৰে সৌভাগ্যক্ৰমে স্বয়ং বোগশ্বৰৰ মুখে সেই যোত ব্যাখ্যা এৱন কৰি পৰম পুলকিত ৰোৰ কৰিছিল। কাশীৰ গীতসমীপৰী।