পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোেগ। ৭৪১ বলেৰে ইন্দ্ৰিয়াদিক সংযত কৰি, অৰ্থাৎ ৰূপ-ৰস-গন্ধাদিৰপৰা চিত্তক নিবৃত্ত কৰি, বিষয়ানুৰাগত যি উদাসীন হব পাৰে, সেই মহাত্মা পুৰুষেই এভাৰ লাভ কৰিব পাৰে। যি ব্ৰহ্মত অৱস্থিত যি প্ৰসামনা, যি শোকত উদ্বিগ্ন নহয়, যি কোনো প্ৰকাৰৰ আকাঙ্ক্ষা নকৰে আৰু যি সৰ্ব্বভূতৰ প্ৰতি সমদৰ্শী, সেই মহাত্মাই পৰম পৰমাত্মাভক্তি লাভ কৰে। আৰু পৰিণামত পৰমাত্মাতে প্ৰৱেশ কৰে। কিয়নো, নিষ্ঠাবান হৈ চিত্তশুদ্ধি লাভ কৰি ভগৱানৰ শৰণাগত হলেই মুক্তিপদ লাভ কৰা যায়। এতেকে, হে অৰ্জুন, তুমি যোগবলেৰে সমস্ত কৰ্ম্ম ভগৱানত সমৰ্পণ কৰি চিত্তস্থিৰ ব্ৰহ্মপৰায়ণ হলেই সমস্ত দুখ-চিন্তাৰপৰা উত্তীৰ্ণ হব। নচেৎ, অহঙ্কাৰ কৰি ইয়াৰ অন্যথা কৰিলে তুমি বিনষ্ট হবা (১)”। হে অৰ্জুন! অহঙ্কাৰ কৰি যুদ্ধ নকৰে বুলিও তুমি ৰব নোৱাৰিব। কিয়নো, তোমাৰ ধৰ্ম্মে ২) তামাক যুদ্ধত প্ৰবৃত্ত হবলৈ বাধ্য কৰিব। তোমাৰ অভিমান নিশ্চয় নজিব, আৰু তোমাৰ এই মোহ আপুনি মাৰ যাবগৈ। হে কুন্তীনন্দন। এই কথা ধুপ বুজিবা যে, ভগৱানে প্ৰাণীসমূহৰ হৃদয়ত বাস কৰি গোটেই জগতক পুতলাৰ দৰে নচুৱাব লাগিছে। এতেকে, তুমি যুদ্ধ নকৰে বোলা অহঙ্কাৰ পৰিহাৰ কৰি ভগৱন্তৰ শৰণাগত হোৱ॥ নহলে তোমাৰ নিস্তাৰ নাই। কিন্তু স্বধৰ্ম পালন কৰোঁতে নিধন হলেও তুমি মোক্ষপ্ৰাপ্ত হব। (৩) (১) গীতা, ১৬ আখ্যা, ০৫-য়াক। (২) অৰ্জুনৰ ৰাজসিক-যুত পৰায়ূখ লোহোৰ। (৩) গীতা, ১৮ জা, ৫-২ গো।