পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। ৭২৭ হে পাৰ্থ। যি বিলাকে ৰাক্ষসী (ৰজোগুণজাত) আৰু আৰী ( তমোণজাতঅশুভ বাসনা লৈ জন্ম ধৰে, সিবিলাক দম্ভ, দৰ্প, অভিমান, ক্ৰোধ, কৰ্কশতা, অজ্ঞানতা, এইবোৰ আৰী সম্পদৰ মাথোন গৰাকী হয়। দৈবী সম্পৎ মোক্ষৰ হেতু, আৰু আসুৰী সম্পৎ বন্ধনৰ হেতু বুলি কৈ আহিছে। সেই দৈবী সম্পতৰ মূল সাত্বিকী বাসনা লৈয়ে যে তুমি জন্মগ্ৰহণ কৰিছা তাত সন্দেহ নাই; এতেকে, হে পাণ্ডৱ, তুমি হতাশ নহব॥ হে পাৰ্থ! এই জগ- তত দৈব আৰু আসুৰ এই দুবিধ প্ৰকৃতিৰ সৃষ্টি; দৈব প্ৰকৃতিৰ সাত্ত্বিকী শুভ বাসনাযুত জীৱাত্মাৰ বিষয়ে তোমাক বিস্তৰ ব্যাখ্যা দিয়া হৈছে; এতিয়া আৰ প্ৰকৃতিৰ ৰাক্ষসী আৰু তামসী অশুভ বাসনাযুত জীৱাত্মাৰ কথা কওঁ, শুনিব। (১) “হে অৰ্জুন! অসুৰ স্বভাবী মানুহে কিহত প্ৰবৃত্ত হব লাগে, কিহৰপৰা নিবৃত্ত হব লাগে, সেই বিষয়ে নাজানে। সিহঁতৰ ধৰ্মাধৰ্ম জ্ঞান নাই। (২) গতিকে, সিহঁতৰ শৌচ নাই, আচাৰ নাই, আৰু সত্যও নাই; নাইবা অহঙ্কাৰ, অভিমান, দন্ত, দৰ্প ইত্যাদি কু-প্ৰবৃত্তিৰ উত্তেজনাত সিহঁতে শৌচাচাদি মানিবলৈ অপাৰগ হয়। আসুৰ প্ৰকৃতিৰ মানুহে কয় যে, জগতৰ মূলত সত্যাসত্তাৰ অস্তিত্ব নাই। ধৰ্ম্মাধৰ্ম্মৰূপ প্ৰতিষ্ঠা যে জগৎ ব্যৱস্থাৰ হেতু, সেইটো সিহঁতে স্বীকাৰ নকৰে; ঈশ্বৰৰপৰা যে জগতৰ সৃষ্টি হৈছে, তাকে। সিহঁতে নামানে। এইবোৰেই ঘাই যেনে, দান (নিজৰ অধিকাৰৰ বস্তুৰ স্বত্বত্যাগ কৰি যোগ্য পাত্ৰত অৰ্পণ ), সংযম কৰ্মানুষ্ঠান (দেৱ, পিতৃ, ভূতব ইত্যাদি ), ব্ৰহ্মচ বা শায়িক, বাচিক আৰু মানসিক তপ, অকপটতা। গীতাৰ ১৩শ, অধ্যাত জ্ঞানৰ লক্ষ বৰ্ণনাৰ লগত এই বিষয়ে জাভাস দিয়া হৈছে। (১) গীতা, ১৬ আধ্যা, ১াক।