পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২। আধ্যা। সংসাৰ-বৃক্ষ তত্ত্বজ্ঞান। সত্ত্ব, ৰজঃ তমঃ প্ৰকৃতি বা অবিদ্যা বা মায়াৰ এই তিনিগুণ। সেই গুণৰ ক্ৰিয়া, আৰু সেই তিনি গুণবিশিষ্ট প্ৰকৃতি বা মায়া অতিক্ৰম কৰি জীৱাত্মাই কিৰূপে মুক্তিলাভ কৰিব পাৰে তাৰ তত্ত্ব ব্যাখ্যা কৰি উঠি, সেই প্ৰকৃতি বা মায়াৰ সংসাৰ-তত্ত্বজ্ঞানৰ অধিকাৰী হবলৈ নিষ্পাপ মহাবাহু অৰ্জুনক উপযুক্ত বিবেচনা কৰি, তত্ত্বদৰ্শী ভগৱান শ্ৰীকৃষ্ণই সেই গুহ্যতম তত্ত্বব্যাখ্যা দিবলৈ এই বুলি আৰম্ভ কৰিলে, “হে অৰ্জুন! মায়া- জনিত এই সংসাৰৰূপ অশ্বথ (১) বৃক্ষৰ মূল-শিপা ওপৰলৈ,অৰ্থাৎ আকাশ- মুখীয়া; ইয়াৰ ঠাল-ঠেঙ্গুলি তললৈ, অৰ্থাৎ মৰ্ত্যমুখীয়া; কৰ্মকাণ্ডৰূপ বেদ ইয়াৰ পাতকেহ ইত্যাদি; আৰু ই অব্যয়। যি এই সংসাৰ ৰূপ বৃক্ষৰ তত্ব ঢুকি পাইছে তেৱেই বেদবো। প্ৰকৃতিৰ আৱৰণ তিনি গুণৰ সাৰশক্তিৰেই এই সংসাৰ-বৃক্ষ পৰিবদ্ধিত; ইয়াৰ ঠাল-ঠেঙ্গুলি, পাত-কেহ আদি উৰ্দ্ধ আৰু অধধ দুয়োদিশে বিস্তৃত; অৰ্থাৎ কুকৰ্মী জীৱাত্মাৰ শাখা অধোমুখে, ধৰ্মাৰ শাখা উৰ্ধমুখে পাহ মেলি বাড়ে। সংসাৰ-বিষয়জাল ইয়াৰ পাত, আৰু বাসনা ইয়াৰ মূল।” (২) (১) যি নখ, যাৰ স্থিতি বিশ্বাস কৰা নাযায় সেয়ে ৰ। গতিকে, এই অনিত্য সংসাৰক অস্থায়ী অব বৃক্ষৰ লগত বিজলি দিয়া হৈছে। (২) গত ১, আধ্যা, ১২ শ্লোক।