পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোেগ। ৭১৯ 1 কেতিয়াবা লোকাচাৰত আসক্ত দেখা যায়; কাৰণ, সাবিক, তামসিক আৰু ৰাজসিক প্ৰৱলতাৰ (১) প্ৰকৃতি অনুসাৰে জীৱাত্মাৰ ক্ৰমে সাধুতা, অসাধুতা আৰু লৌকিকতাৰ লক্ষণ ঘটে। হে অৰ্জুন। যেতিয়া দেহৰ সকলো অঙ্গত ইন্দ্ৰিয়েদি জ্ঞানৰ লক্ষণ প্ৰকাশ পায়, তেতিয়া সত্ত্বগুণৰ প্ৰৱলতা; যেতিয়া লোভ, প্ৰবৃত্তি, উদ্যম, অশান্তি, স্পৃহা ইত্যাদি লক্ষণ দেখা দিয়ে, তেতিয়া ৰজোগুণৰ প্ৰাৱল্য; আৰু যেতিয়া আৱৰণ, আলস্য, প্ৰমাদ, মোহ ইত্যাদি লক্ষণ দেখা যায়, তেতিয়া তমোগুণ বৃদ্ধি হৈছে বুলি বুজিব।” (২) “হে অৰ্জুন! তত্ত্বদৰ্শী মহৰ্ষিগণৰ মতে সত্ত্বগুণৰ প্ৰভাৱত জীৱই কেৱল নিৰ্মল সুখকেই ভোগ কৰে; ৰজোগুণৰ প্ৰভাৱত অলপ সুখ আৰু অধিক দুখ; তমোগুণৰ প্ৰভাৱত জীৱই কেৱল দুখকেই হে ভোগ কৰে। ইয়াৰ কাৰণ ইতিপূৰ্বতে কৈ অহা হৈছে; সত্ত্বগুণী লোকৰ উৰ্দ্ধলোকলৈ (স্বৰ্গ), ৰজোগুণী লোকৰ মৰ্ত্তত (মনুষ্যলোেক), মোগুণৰ লোকৰ অধঃপাতলৈ (নক) গতি হয়। সত্ত্ব, ৰজ, তম এই তিনি গুণেই অন্তঃকৰণ, বহিঃকৰণ, শৰীৰ আৰু বিষয় আদিত পৰিণত হৈ কৰ্তব্য কৰ্ম্ম কৰে। আৰু গুণ-কাৰ্যৰপৰা কাৰ্য্য স্বতন্ত্ৰ বুলি যি বুজিব পাৰে। তেওঁ ব্ৰহ্মাত্মজ্ঞান লাভ কৰি ব্ৰহ্মস্বৰূপ হয়। হে অৰ্জুন! এই তিনি গুণেই জনম আৰু মৰণৰ হেতু। যি এই (১) বি - যেতিয়া ওপৰ উঠে, সেই গুণৰ তেতিয়া প্ৰৱল অনে; তেতিয়া ইদুটা ও তল পৰি নিতে হয়। (২) গীতা, চতুশ আখা, ৩–১৩ মোফ। এই পুথিৰ ২, আধ্যাত দিয়া তাৰ এয়োদশ আখ্যা ২০২৩ লোকৰ কা চোৰা।