পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। ৭০১ ব্ৰাহি কৰিছে, মোৰৰ আতঙ্ক উপস্থিত হৈছে; এতেকে কৃপা কৰা প্ৰভো!” (১) ভগৱান শ্ৰীকৃষ্ণ বিশ্বৰূপ দৰ্শন কৰি ধ্যানমগ্ন অৰ্জুনৰ হৃৎকম্প উপস্থিত হল! সমস্ত অঙ্গ-প্ৰত্যঙ্গ কঁপিবলৈ ধৰিলে, আৰু তেওঁ উদ্বাউল দি এই বুলি চিঞৰিবলৈ ধৰিলে, “হে বিষ্ণো। তোমাৰ ভয়ঙ্কৰ মূৰ্ত্তি দেখি মোৰ অকল যে আতঙ্কই হৈছে এনে নহয়, তোমাৰ উজ্জ্বল দীপ্তি মোৰ চকুৱে সহিব পৰা নাই। তোমাৰ সৰ্বদিক্বব্যাপী ৰূপ মোৰ মনেৰে ধাৰণা কৰিব নোৱাৰা হৈছে; তোমাৰ প্ৰলয়- দৃষ্টিযুক্ত বিশাল নেত্ৰৰ আয়তন দেখি মোৰ চিত্তবৈকল্য ঘটিছে। আন কি, মই স্থিৰেৰে ৰব নোৱাৰাত পৰিছে। এতেকে, প্ৰভো! তোমাৰ এই ৰূপ সলাই পুনঃ শান্তিৰূপ ধাৰণ কৰা। হে জগন্নিবাস! তুমি প্ৰসঙ্গ হোৱা।” (২) “হে ভগৱান! আৰু দেখিছো, বিপক্ষীয় ৰাজন্যবৰ্গৰে সৈতে ধৃতৰাষ্ট্ৰৰ পুত্ৰগণ ভীষ্ম, দ্ৰোণ, কৰ্ণ এই তিনি বীৰে সৈতে, আৰু আমাৰ পক্ষীয় যোদ্ধাগণ তোমাৰ মুখ-গহ্বৰত প্ৰৱল বেগেৰে প্ৰৱেশ কৰিব লাগিছে! দুষ্ট দুৰ্য্যোধনাদি তোমাৰ দাত-নিকটন মুখৰ ফালে ধাবিত হৈছে। প্ৰৱেশ কালত কাৰৰ বা মূৰ চুৰ্ণাকৃত হৈছে, কাৰৰ বা ওখোল তোমাৰ গাত-কৰালত লাগি হৈছে। যি দৰে নানা ফালৰপৰা নৈবিলাক বৈ আহি নানা মুখীয়া হৈ সাগৰত আপোনা-আপুনি সোমায় গৈ, সেই দৰে এই বীৰগণে আপোনা-আপুনি গৈ তোমাৰ উন্মুক্ত মুখত (১) গীতা, একাদশ অধ্যা, ১৫-৩ গো। (২) গীতা, একাদশ , দোক।