পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। তুমি তোমাৰ চৰ্মচকুৰে (১) মোৰ দিব্যৰূপ (২) সাক্ষাৎ স্বৰূপে দেখা নোপোৰ৷ গতিকে তোমাক মই দিব্যচকু (৩) দান কৰিছোঁ। তাৰে সৈতে তুমি মোৰ ঐশ্বৰিক যোগ শক্তি দৰ্শন কৰাঁ।” (৪) উপযুক্ত গুৰুৰ উপযুক্ত শিষ্য। তত্ত্বজ্ঞানী ভগৱান শ্ৰীকৃষ্ণ উপদেশ অনুসৰি তীক্ষ্ণবুদ্ধি, স্থিতি অৰ্জুনে চকু মুদি ধ্যানত পৰম আনন্দেৰে পৰমানৰ কৃষ্ণমূৰ্তিত বিশ্বৰূপ দৰ্শন কৰিবলৈ ধৰিলে। অৰ্জুনে কৃষ্ণৰূপী ভগৱানত বহুমুখ আৰু বহুনেত্ৰ বিশিষ্ট অসংখ্যাত অদ্ভুত আকৃতিৰ গদা, চক্ৰ আদি দিব্য আয়ুধযুক্ত পৰম ৰমণীয় ৰূপ দেখিবলৈ ধৰিলে। দিব্য মাল, দিব্য বস্তু, দিব্য সুগন্ধি বস্তুৰে সৈতে অনুলিপ্ত শ্ৰীকৃষ্ণৰ এনে মনোময় ৰূপ চাই চাই অৰ্জুনৰ তৃপ্তি নপলায়। সেই বিশ্বৰূপত অৰ্জ্জুনে সমস্ত জগৎ নানা ভাগত বিভক্ত দেখিলে। শেহান্তৰত ধনঞ্জয়ে বিস্ময় মানি মূৰ দোৱাই প্ৰণাম কৰি কৰযুৰি ব্যাকুলভাৱে ভগৱান শ্ৰীকৃষ্ণ এই বুলি নিবেদিবলৈ ধৰিলে (১):- “হে দেৱ! তোমাৰ এই বিশ্বৰূপ দেৱদেহত মই সকলো দেৱতাকে দেখা পাইছো; স্থাৱৰজম ভূতসমূহক দেখা পাইছে; (১) চকু মানে বাহক দৃষ্টি; অৰ্থাৎ মানুহৰ সাধাৰণ চকুৰে চোৱা চিন্তাহীন আৰু তত্বহীন ওপৰুৱা দৃষ্টি। (২) দিব্যৰূপ অৰ্থত বিভূতি সমন্বিতে ভগৱানৰ বিখবিকাশ। (৩) দিব্যচকু অৰ্থত ধ্যান বা অন্তঃকৰণাস্থিত জ্ঞানশক্তিৰ প্ৰভাৱ। ইয়াৰ বাৰাই সূক্ষ্মদশী ভগৱান আকৃষ্ণই অৰ্জুনক চিন্তিৰ হৈ আত্মজ্ঞান লতি পুৰ্বব্যাখ্যাত বিভূতিৰ পুনৰাবৃত্তিৰে সৈতে ভগৱানৰ বিশ্বৰিকাশ খান কৰিবলৈ সঙ্কেত দিলে আৰু প্ৰত্যুৎপন্নমতি বুদ্ধিমান পাৰ্থ বীৰে অনতিপলমে সেই উপদেশ অনুসৰণ কৰিলে। (৩) গীতা, একাদশ অধ্যা, ম গো। (১) গীতা ১১ আখ্যা, ১৩ না।