পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৯৫ গায়ত্ৰী; মাহ সমূহৰ মাজত মই আঘন মাহ; ঋতুসমূহৰ মাজত মই বসন্ত ঋতু; মই প্ৰৱঞ্চকৰ মাজত পাশতী (ছাতক্ৰীড়া); মই তেজস্বী পুৰুষগণৰ তেজ, বিজয়ী পুৰুষগণৰ জয়, উদ্যোগী পুৰুষগণৰ অৱসায়, সাত্ত্বিকগণৰ সত্ত্বগুণ। মই বৃষ্ণিবংশী যাদৱগণৰ মাজত বাসুদেৱ; মই পাণ্ডবগণৰ মাজত ধনঞ্জয়; মই মুনিগণৰ মাজত বেদব্যাস; মই কবি- সকলৰ মাজত শুক্ৰ; মই দমনকাৰীগণৰ দণ্ড, জয়েচ্চুগণৰ ন্যায়ৰূপ নীতি, গোপ্য বিষয় সমুহৰ মাজত মৌনাৱলম্বন, জ্ঞানীগণৰ জ্ঞানস্বৰূপ।” (১) “হে অৰ্জুন! ভুতসমূহৰ যি মূল কাৰণ, সিও ময়েই। সেই মূল কাৰণ নোহোৱাকৈ উৎপন্ন হব পাৰে এনে বস্তু চৰাচৰ জগতত নাই। হে পৰন্তত। মোৰ বিভুতিৰ সীমা নাই; ইমানলৈকে যি কোৱা গল, সি মোৰ দিব্য বিভুতিৰ সংক্ষেপ লেখ মাথোন। বাস্তৱতে সমস্ত বিভুতিৰ বৰ্ণনা দিয়াটো সম্ভৱপৰ নহয়। মুঠতে যি যি পদাৰ্থ ঐশ্বৰ্য- শালী, লক্ষ্মী বা শোভাসম্পন্ন, প্ৰভাৱসম্পন্ন, সেই সেই পদাৰ্থ ই মোৰ প্ৰভাৱৰ অংশৰপৰা উৎপন্ন বুলি জানিব; অৰ্থাৎ যি উৎকৃষ্ট, যি শ্ৰেষ্ঠ, যত অসাধাৰণ লক্ষণ দেখিবা, তাতেই ভগৱানৰ শক্তিৰ বিকাশ বুলি বুজি লব। নাইবা, হে অৰ্জুন! তোমাৰ আৰু অধিক জানিবৰ প্ৰয়োজন কি? মুঠকৈ ইয়াকে জানি লৰা যে, মোৰ একাংশত মাথোন এই সমস্ত জগতক ধাৰণ কৰি মই অৱস্থিতি কৰিছে; অৰ্থাৎ পৰমে শ্বৰৰ একাংশত (২) মাথোন জগৎ অৱস্থিত। এনে ভাৱে পৰমেশ্বৰক সৰ্বব্যাপী বিৰাট পুৰুষৰূপে ধ্যান কৰিব।” (৩) (১) গীতা, দশম অধ্যা, ৩২-৩৮ গোক। (২) দৃমান জগৎ পৰমাত্মাৰ একাংশ, অৰ্থাৎ এক পাদ মাখোন। আন তিনি পা পৰত্ৰহ্মৰ নিগুণ স্বৰূপত অৱস্থিত। (৩) গীত, দশম অধ্যা, ৩-২ গো।