১৯। আধ্যা। বিজ্ঞানপূৰ্ণ জ্ঞানতত্ত্ব। মুক্তিমাৰ্গ ব্যাখ্যাৰ পাচত, জ্ঞাননিষ্ঠ পুৰুষৰ গতি মুক্তি আৰু ভগৱানৰ প্ৰকৃত স্বৰূপ বিষয়ক জ্ঞান উপদেশ ব্যাখ্যা কৰিবলৈ জগতগুৰু শ্ৰীকৃষ্ণই এই বুলি আৰম্ভ কৰিলে, “হে অৰ্জুন। তুমি আজ্জৱ আৰু সংযমাদি গুণযুক্ত মোৰ উপযুক্ত শিষ্য; এতেকে তোক বিজ্ঞানপুণ জ্ঞানতত্ত্বৰ গুহ ৰহস্যৰ বিষয়ে কওঁ, মনপাৰি শুনিবা; শুনি সেই তত্ত্ব হৃদয়ঙ্গম কৰিব পাৰিলে তুমি সংসাৰ-বন্ধনৰপৰা মুক্তিলাভ কৰিব পাৰিব। এই তত্ত্বজ্ঞান সকলে জ্ঞানতকৈ গুহ্যতম, সকলো বিদ্যাতকৈ শ্ৰেষ্ঠবিদ্যা, অতি উত্তম, অতি পৱিত্ৰ, প্ৰত্যক্ষ ফলপ্ৰদ, ধৰ্মসঙ্গত, সুখসাধ্য আৰু অক্ষয় ফলদায়ক। কিন্তু, হে পাৰ্থ, শ্ৰদ্ধাহীন মানুহে মোক (পৰমাত্মাক) কেতিয়াও নাপায়; গতিকে সিহঁতে সৰ্ব্বতিকাল সংসাৰপথত ঘুৰি ফুৰে। অব্যক্তৰূপে মই (পৰমাত্মাই) গোটেই জগত বাপি আছে, সকলো বস্তুৰেই মোত (পৰমাত্মাত) স্থিতি কৰিছে। কিন্তু মই ক’তত অৱস্থিত নাই (১)। তাৰ যুক্তি এই যে, বস্তুৰ উৎপত্তি আৰু বিনাশ আছে। কিন্তু ভগৱান নিত্য। ভগৱান (১) “ময়া ততমিদং সৰ্বং জগদব্যক্তমুৰ্তিনা। মৎস্থানি সৰ্বভূতানিন চাহং তেঘবস্থিত। -গীতা, নৱম আখ্যা, গোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৪৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই