ক্তিযোগ। “হে অৰ্জুন! বেদবো পুৰুষগণে যি অক্ষৰ ব্ৰহ্মৰ ব্যাখ্যা কৰে, নিস্পৃহ সন্ন্যাসীগণে যাক তপস্যাৰ ফলত লাভ কৰে, যাক পাৰ অৰ্থে ধৰ্মাত্মাসকলে ব্ৰহ্মচৰ্য ব্ৰত অৱলম্বন কৰে, সেই পৰব্ৰহ্মৰ স্বৰূপ মই সংক্ষেপে ব্যাখ্যা কৰো, সাৱধানে অৰধান কৰিবা।” (১) “যি সাধু পুৰুষে সমস্ত ইন্দ্ৰিয়দ্ধাৰ অৱদ্ধ কৰি, মনক হৃদৱত নিৰোধ কৰি, প্ৰাণক মূৰত স্থাপন কৰি, আত্ম-সমাধিত অৱস্থিত হৈ, “ও” এই ব্ৰহ্মৰূপ একাক্ষৰ উচ্চাৰণ কৰোতে কৰোঁতে মোক (পৰমাত্মক) চিন্তিত ত্যাগ কৰি প্ৰয়াণ কৰে, তেওঁৰেই পৰমগতি লাভ কৰে (২)। হে পাৰ্থ! যি সকল সাধু পুৰুষে অনন্যচিত্ত হৈ মোকেই , পৰমেশ্বৰকে) চিৰদিন চিন্তা কৰে, সিবিলাকলৈ মই ( মুক্তিপদ) অতি সুলত; আৰু সিবিলাকে মোক (পৰব্ৰহ্মক ) পোৱাৰ পাচত, সৰ্ব্বদুখৰ আলয় স্বৰূপ পুনৰ্জন্ম গ্ৰহণ কৰিব লগাত নপৰে। কিয়নো, হে অৰ্জুন, ব্ৰহ্মলোকলৈকে সকলে। জীৱৰ পুনৰ্জন্মৰ বিধান আছে; কিন্তু মোক (পৰব্ৰহ্মক) লাভ কৰাৰ পাচত আৰু পুনৰ্জন্মৰ বিধান নাই।” (৩) “যি যোগীয়ে ব্ৰহ্মাৰ চতুৰ্গসহ পৰিমিত দিন আৰু চতুৰ্যুগসহস্ৰ পৰিমিত ৰাতি (৪) বিষয়ক জ্ঞান লাভ কৰিছে, তেওঁৱেই হে আচল (১) গীতা, ৪, আধ্যা, ১১শ শ্লোক। (২) সৰ্বৰাণি সংবম্য মনে হৃদি নিৰুখ্য। মুগাধায়াত্মনঃ প্ৰাণাস্থিতো যোগধাৰণা। ওমিতেকাৰ ব্ৰহ্ম ব্যাহ, মমৰণ।
- প্ৰতি ত্যজন দেহং স যাতি পৰমাংগতি।
গীতা, অষ্টম আধা ১২-১৩ সেকি। (৩) গীতা, অষ্টম আধ্যা, ১০-১৬ মোকৰ সংবোগ ব্যাখা। (৪) চতুযুগ-সত্য, ত্ৰেতা, আপৰ আৰু কলি। সত্যযুগৰ পৰিমাণ