পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৭৪ শ্ৰীকৃষ্ণ নকৰাকৈ থাকে। কিন্তু, হে অৰ্জুন! আৰ্ত, জিক্স, অৰ্থাৰ্থ আৰু জ্ঞানী (১) এই চতুৰ্বিধ লোকে মোক সততে ভজনা কৰে। ইবিলাকৰ ভিতৰত সদায় সমাহিত একনিষ্ঠ জ্ঞানীভক্ত পৰম উৎকৃষ্ট। কিয়নো, মময় জ্ঞানীৰ অতিশয় প্ৰিয়, জ্ঞানীয়ে। মোৰ অতিশয় প্ৰিয়। কাৰণ জ্ঞানীভক্ত আত্মাৰ বৰূপ, জ্ঞানীভক্তই সমস্ত জগতকে পৰমাত্মাঘৰূপ দেখা পায়। তেনে মহাত্মা অতি বিৰল। অৰ্থাৎ, জন্মে-জন্মে পুণ্য সঞ্চয় কৰি, পৰিশেষত জ্ঞানীভক্তই ভগৱৎ প্ৰেমত বিহ্বল হৈ গোটেই জগতকে ভগবন্ময় দৰ্শন কৰে। কামনাৰ প্ৰভাৱত যাৰ তত্ত্বজ্ঞান বিনষ্ট হয়, সি সেই কামনানুযায়ী নিয়ম পালন কৰি উপদেৱতাদিৰ উপাসনাত ধৰে। কিন্তু, যিবিলাক সকাম ভক্তই স্ব-কামনা অনুযায়ী কৰ্ম্মানুষ্ঠান কৰে, তাত সিবিলাকৰ আসক্তি মই গাঢ় কৰিহে দিও। অৰ্থাৎ, যেয়ে যি ভাৱে যি দেৱতা বা ঈশ্বৰৰ স্বৰূপক অৰ্চনা কৰে, অন্তৰ্যামী ভগৱানে সেই ভাৱেই সেই দেৱতাৰ জৰীয়তেই সেই অৰ্চনা গ্ৰহণ কৰি সেই কামনা পূৰ্ণ কৰে।” (২) “কামনানুযায়ী অৰ্চনাৰে উপদেৱতাদি অৰ্চনা কৰাটো চুটিবুদ্ধিৰ কাম। তাৰ ফলত সেই আৰাধ্য দেৱতাক মাথোন লাভ কৰা যায়; কিন্তু পৰমাত্মা লাভ হবলৈ বাকী থাকে। অবিবেকী লোকে পৰমাত্মক অব্যয়ভাৱে নাভাবি সব্যয় ভাৱে ভাবে। সকলোৱেই মোৰ স্বৰূপ দেখা পায়; কিন্তু মায়াৰ ঢাকনি ছেদ কৰি সেই স্বৰূপ দেখা কপটী ভক্তৰ ভাগত নঘটে। জীৱই দেহ ধাৰণ কৰিলেই সিবিলাকৰ অনুকূল বিষয় লাভলৈ ইচ্ছা (১) আপদবপৰা তৰিবৰ অৰ্থে যি ভগবানক আৰাধনা কৰে, তেওঁ অৰ্ত্ত; অজ্ঞানলাভৰ অৰ্থে যি আৰাধনা কবে, তেওঁ জ্ঞিা; অৰ্থলাভৰ অৰ্থে আৰাধনা কৰোতা অনক অৰ্ধাৰ্থী, আৰু তাগী নিষ্কাম উপাসক জ্ঞানী ভক্ত বলে। (৩) গীতা, খ্যা, ১৯-২২ লোক।