পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭০)


কাল সৰ্পে আগে গিলি যাইবে আয়ু একে তিলি;
 মিলে মৃত্যু কাৰ কেতিক্ষণ॥
হৈয়া মহা সাৱধান  কৃষ্ণ কথা কৰা পান
 লয়ে এবে কৃষ্ণত শৰণ॥
মুখে নাম গুণ স্মৰি ৰূপ হৃদয়ত ধৰি;
 কৰা সুখে বৈকুণ্ঠে পয়ান॥
মাধৱৰ নাম গুণ শ্ৰৱণ কীৰ্ত্তন বিনে
 তৰিবেক কলিত সাক্ষাত।
বৃথা কথা পৰিহৰি শ্ৰৱণ কীৰ্ত্তন কৰি;
 এড়ায়োক অষন্তৰ হাত॥
চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত যত;
 সবাতে হৰিত মাত্ৰ কয়ে।
জগতৰ যত পূণ্য় সিতো অপ্ৰয়াসে তৰে
 মুখে মাত্ৰ ৰাম নাম লয়ে॥
হেন জানি বন্ধু জন  নামত দিয়োক মন
 মুকুতি পাতে ইচ্ছা যাৰ।
নামেসে মোক্ষত হেতু  ৰাম নামে বান্ধা সেতু
 সংসাৰ সাগৰে হৈবো পাৰ॥
নামে তপ যজ্ঞ দান  জপ ব্ৰত তীৰ্থ স্নান;
 নামে পিতৃ মাতৃ বন্ধু জন।
নামেসে মোক্ষৰ বীজ  নামেসে মোহৰ নিজ;
 জানি লয়ো নামত শৰণ॥