পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৬১.)


মোহৰ একান্ত ভকত জনক;
 বুলিবে ভৈল পাষণ্ড॥
ব্ৰাহ্মণ ক্ষেত্ৰিয়  বৈশ্য সুদ্ৰ চাৰি;
 জাতি হৈবে একাকাৰ।
কলিযুগে বৰ্ন্না বৰ্ন্নন জানিবে;
 গুচিবে লোক আচাৰ॥
সদায়ে কলিৰ লোকৰ হৃদয়;
 মলিন হৈবে অপাৰ।
পাতকি জনৰ ধৰ্ম্মত কৰ্ম্মত;
 নহৈবেক অধিকাৰ॥
ৰাম হেন ইটো দুগুটি অক্ষৰ;
 সদায়ে সাদৰে গাৱে।
দুৰ্ঘোৰ সংসাৰে সাগৰ তৰিয়া;
 বৈকুণ্ঠক সুখে পাৱে॥
অনেক মনুষ্য নাৰায়ণ পৰ;
 হৈবেক কলি যুগত।
সত্যাদিৰ লোকে কলিত জনম;
 বাঞ্চিবে অতি মনত॥
শাস্ত্ৰৰ সমাধি পূজা যজ্ঞ দান
 সমস্তে শ্ৰম এড়াই।
মহা সুখে মোক্ষ লভিবে কলিত।
 মোৰ নাম গুণ গাই॥