এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাণ্ডৱ সহিতে কৌৰবৰ লৈবো প্ৰাণ।
অষ্টাদশ অক্ষহিণী কৰিবো নিৰ্জ্জান॥
মোৰ বিশ্ব ৰূপ দেখি লাগিবেক ধ্যান।
মুখ পঙ্কজক নেত্ৰে কৰিবেক পান॥
সেহি বেলা কাটিবেক অৰ্জ্জুনৰ শৰে।
মোহৰ সমান ৰূপ পাবে নিৰন্তৰে॥
অনেক জম্মৰ পাপ পূণ্য কৰি ক্ষয়।
মহা সুখে যাবে সিতো বৈকুণ্ঠ নিলয়॥
কৌৰৱক মাৰি পাণ্ডৱক দিবো ৰাজ্য।
পৃথিবীৰ ভাৰ খণ্ডি সঙ্কলিবো কাৰ্য্য॥
এহিমতে কৰি লীলা যত মনুষ্যৰ।
থাকিবোহো দ্বাৰাকাত অনেক বচৰ॥
নিজ গুণ যশ থৈবো পৃথিবীক ভৰি।
আকে শুনি যাবে লোক সংসাৰক তৰি॥
কৰিয়া বিস্তৰ কীৰ্ত্তি মহা তীৰ্থ ময়।
গঙ্গাকো কৰিলা তুচ্ছ জানা মহাভয়॥
হৈয়া এক শৰণ আমাত যিতো জন।
কলিৰ যুগত কৰে শ্ৰৱণ কীৰ্ত্তন॥
এতেকতে মহা পাপী চণ্ডাল পৰ্য্যন্তে।
বৈকুণ্ঠত উঠে গৈয়া সংসাৰৰ হন্তে॥
অত অনন্তৰে কথা ঋষি সৰ্ব্বজান।
নিজৰূপে বৈকুণ্ঠক কৰিবো পয়ান॥