পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৪০)


এতেক মোহোৰ ৰূপ ধৰি মহা ৰঙ্গ মনে
 চলি যাইবো বৈকুণ্ঠ ভূবনে॥
পাচে গোপগণ সঙ্গে অঙ্গি ভঙ্গি কৰি ৰঙ্গে
 নাচিবোহোঁ শৰণ চলাই।
আকাশত দেৱগণে  পুষ্প বৰিষন্ত ঘনে;
 ধাইবে মোৰ যশ গুণ গায়॥
ভাইৰ মাল মাৰু বুলি  হাতে অস্ত্ৰ শস্ত্ৰ ধৰি;
 কংশৰ কনিষ্ট আঠ ভাই।
ধাইবে মোক ক্ৰোধ কৰি  হাতত মুসল ধৰি;
 মাৰিবোহোঁ সবাকো কোৱাই॥
বসুদেৱ দৈবকীৰ বন্ধন চুৰিয়া পাচে;
 প্ৰীতি অতি সাধি তাসম্বাৰ।
ভকতিৰ বশ্য হৈ শিৰেৰে চৰণ চুই;
 পৰিবোহোঁ কৰি নমস্কাৰ॥
পাচে মোক দুয়ো প্ৰাণী  পৰম ঈশ্বৰ জানি;
 হৈয়া ভয় থাকিবে শংঙ্কাছি।
মোহিবো কৰিয়া মায়া  পুত্ৰ বুলি হৈবো দয়া
 লৈবো কোলে নিদ্ৰাজল মুছি॥
মই সুপ্ৰসন্ন যাৰ  দুৰ্ল্লভ নাহিকে তাৰ;
 মোহৰ ঈশ্বৰ মহাজ্ঞান।
মোত অনুক্ষণে পুত্ৰ  বুদ্ধি স্নেহ বাঢ়ি যায়
 হাসি মহা দুৰ্ল্লভ প্ৰধান॥