পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩৯)


ভকত সকলে মোক  সাক্ষাতে ঈশ্বৰ জানি;
 মিলিবেক প্ৰেম অতি মনে।
ভকতিৰ প্ৰসাদত শিহৰিবে লোম যত;
 ঝৰিবেক লোতক নয়নে॥
এহি দশ ৰূপে মোক  দেখিবে সকলো লোক;
 নখণ্ডিবে মনৰ তৃপিতি।
মোৰ গুণ গান যত  বৰ্ন্নাবেক আনন্দত;
 নৰ নাৰিগণে চতুৰ্ভিতি।
পাচে মল্ল যুদ্ধ কৰি  পৰম আনন্দ পুৰি;
 সাধিয়া লোকৰ উপকাৰ।
চামুৰ মুস্তিক মল্ল  তোসল প্ৰমুক্ষ কৰি;
 মাল্লৰ চিন্তিবো বুন্দামাৰ॥
মল্লৰ দেখিয়া বন্ধ  ক্ৰোধে অতি হুয়া অন্ধ;
 বল্কিবেক কংশ দুৰাচাৰ।
চুলি ধৰি ঘণ্টা মাৰি পৃথিবীত তল পাৰি;
 অপ্ৰয়াসে প্ৰাণ লৈবো তাৰ॥
কেশত ধৰিয়া তাৰ  দেখাইবো সমজ্য়াত;
 কৌতুহলে ফুৰিবো ঘসাই।
দেখি কদৰ্থনা তাৰ  কৰিবেক হাহাকাৰ;
 সমজ্য়াৰ লোকে চাই চাই॥
ভূঞ্জন্তে ভ্ৰমন্তে সিতো  সেৱন্তে পীয়ন্তে মোক;
 আগতে দেখিবে সৰ্ব্বক্ষণে।