এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৮)
হস্থি হস্থী আৰ সমে পৰম আনন্দে মনে;
মাৰি বোহোঁ কুবায় সমুলি॥
কুবলয় পড়ি মাৰি কান্ধত দশন পাৰি;
ধৰি মহা নওবৰ বেশ।
সমজ্য়াৰ ৰঞ্জি চিত্ত গোপগণ সমন্নিত;
হৈবো ৰঙ্গ শালত প্ৰবেশ॥
দেখি তনু বজ্ৰ সম মাল সবে হৈবো ভয়;
সামান্যে দেখিবো বড় বড়।
মূৰ্ত্তিমন্ত কাম যেন দেখিবেক নাৰীগণে;
মিলিবে হৃদয়ে কামজ্বৰ॥
গোৱাল সকলে দেখি আমাক বান্ধৱ বুলি
হাসিবেক মহাৰঙ্গ মনে।
আমাৰেসে সান্তা বুলি হৈবে মহা ভয় ভিত;
দেখি মোক দুষ্ট ৰাজাগণে॥
বসুদেৱ দৈবকীয়ো আমাৰ তনয় বুলি;
দেখি শোক ৰূপ হৈব চিত্ত।
ঝৰিবে নয়নে নীৰ শোকত নুহিবে স্থিৰ
কান্দিবেক পৰিয়া ভূমিত॥
মোৰ এহি মৃত্যু বুলি দেখিবেক কংশ ৰাই
শিশু মোক দেখিবে অজ্ঞানি।
আন আন সবে মোক অনেক প্ৰকাৰে দেখে
জ্ঞানী সবে হৈবে মহামানি॥