পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছবি।

গোবিন্দ বদতি কথা শুনিয়োক মুনিবৰ;
  কংশ নামে আমাৰ মমাই।
মাৰিবাক মনে দুষ্টে আমাক নিবাক প্ৰতি;
  অক্ৰুৰক দিবেক পঠাই॥
তান লগে মহাৰঙ্গে গোপগণ লৈয়া সঙ্গে;
  ৰথে চৰি যাইবো মথুৰাক।
মোহৰ বিযোগ দেখি যতেক গোপিণী সখী
  কান্দিবে কান্দিয়া দীৰ্ঘ ডাক॥
মুহুত্তৰে তাসম্বাক  বুলিয়া আশ্বাস বাক
  পয়ান কৰিবো কৌতুহলে।
সন্ধ্যা কৰিবোহোঁ বুলি যৈয়া মোক ৰথে তুলি
  মজিবে অক্ৰৰ গৈয়া জলে॥
নিজ ৰূপে তাসম্বাক দিবো দেখা জল মাজে
  দেখি মোক হৈবে সচকিত।
আম ঠেৰ এন্তে কৃষ্ণ আহানেশে নাম ৰূপ;
  বুলি স্তুতি কৰিবে বহুত॥
পাচে সম্বৰিবো ৰূপ নেদেখিয়া হৈবে চুপ;
  জল হন্তে উঠিবে অক্ৰুৰ।
যথা ছদ্ম কৰি ৰথ   ধৰি মথুৰাৰ পথ
  অনন্তৰে পাইবো মধুপুৰ॥