পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৩)

বাণৰক মাৰিবেক বৰ ক্ৰোধ কৰি।
হেন দেখি পাছে দিব্য ব্ৰহ্মা অস্ত্ৰ ধৰি॥
বধিবো ৰাৱণ ঘোৰ দেৱৰ কণ্টক।
সপুত্ৰ বান্ধৱে সবে দেখাইবো জমক॥
হৰি পৃথিবীৰ ভাৰ সাৰি দেৱ জাক।
বিভিষণ মিত্ৰক দিবহোঁ লঙ্কাৰাজ॥
কভু নিষ্ট কৰি শুনিয়োক মহামতি।
জাৱে থাকে চন্দ্ৰ সূৰ্য্য় বায়ু বসুমতি॥
জাৱে ৰাম কথা মোৰ প্ৰচাৰে সাক্ষাত।
বিভিষণে তাৱে ৰাজ্য কৰিব লঙ্কাত॥
থাপি বিভিষণ পাচে আনিবো সীতাক।
ভালুক বানৰ সমে যাবো অযোধ্যাক॥
পাইবে দুখ সমতৰ ভালুক বানৰে।
তাসাম্বাৰ প্ৰসাদ ৰঞ্জিব নিৰন্তৰে॥
লীলাৰূপে পৃথিবীৰ সঙ্কলিবো কাজ।
এহিৰূপে আমাক দেখিবা মুনিৰাজ॥
শুনা মুনিৰাজ আত অন্তৰে সাক্ষাত।
দেৱৰ নিমিত্তে পুনৰূপি হৈব জাত॥
দ্বাপৰ যুগৰ অন্তে কলিৰ আদ্যত।
বসুদেৱ গ্ৰহে দৈবকীৰ উদৰত॥
ভাদ্ৰ মাস কৃষ্ণ পক্ষ অষ্টমী তিথিত।
ৰুহুণী নক্ষত্ৰ আসি হৈবে উপস্থিত॥