এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৯)
কৃষ্ণৰ চৰণ ধৰি এক মনে;
পুৰুষ উদ্ধাৰ হৌক॥
ভৈলা অচেতন পৰে কেতিক্ষণ;
ক্ষণেক ইতো শৰীৰ।
কৰে তল বল পদ্মৰ পত্ৰৰ;
যেন জল নহে স্থিৰ॥
ভাৰত ভূমিত দুৰ্ল্লভ মনুষ্য;
শৰীৰ আচাহা পাই।
কোটি কোটি জন্মে অন্তৰে সেণ্টৰে;
নপাবা আক দুনাই॥
জন্ম চিন্তামনি সংসাৰ তৰণী;
নিল আক আলে জালে।
বিষয়ত আউল ভৈলা যেন বাউল;
গিলি আসিলেক কালে॥
জানিয়া কৃষ্ণৰ চৰণে শৰণ;
লয়ো এক চিত্ত কৰি।
শুনা সভাসদ হৈয়া নিশবদ;
কেন কৃপাময় হৰি॥
পুতুনা পিশাসী দিলা বিষ গুণ;
কৃষ্ণক মাৰিবে মনে।
তথাপিতো তাইক জননীৰ গতি;
দিলা প্ৰভু নাৰায়ণে॥