পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৫)


শুনা আবে মই যেন যেন ৰূপে;
 কৰিবোহোঁ‌ যেন কাজ॥
ব্ৰাহ্মণ সবৰ মহা প্ৰীতি কৰ;
 মোৰ বেদ বাণী যত।
সিতো চাৰিবেদ যাব সবে তল;
 প্ৰলয় মহা জলত॥
প্ৰথমতে মই হ’ব অৱতাৰ,
 মহা মৎস্য ৰূপ ধৰি।
প্ৰলয় জলৰ হস্তে চাৰি বেদ
 আনিবোহোঁ‌ লীলা কৰি॥
সপত সাগৰ হৈ’ব একতৰ,
  তাত মহা পীড়া পায়।
কৰিয়া আমাত অনেক ভকতি,
 সত্য ব্ৰত মহাৰায়॥
এহি মতে তাকো দিবহো নিৰ্ভয়;
 পৃথিবী নৌকাত তুলি।
অভকতে মিছা দেখিবে ভকতে;
 জানিবে ঈশ্বৰ বুলি॥
অমৃতৰ পদে মঠিবে সাগৰ;
 যত দেৱসুৰ বলে।
মন্দৰ পৰ্ব্বত সমুলঞ্চে তল;
 যাবে সাগৰৰ জলে॥