এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১)
ডাক চাৰি উচ্ছৰিলা ৰাম কৃষ্ণ নাম।
কৰিলা সাদৰে পৰি অষ্টাঙ্গে প্ৰণাম॥
চৰণত পৰি আছিলন্ত কতো বেলি।
উঠি পুনৰপি মুনি কৰি কৃতাঞ্জলি॥
নলয়ই বানি প্ৰেমে বাক্য গদগদ।
স্তুতি কৰিবাক পাচে লাগিল নাৰদ॥
নমো নমো নাৰায়ণ অনাদি অনন্ত।
নিত্য নিৰঞ্জন পূৰ্ণ ব্ৰহ্ম ভগৱন্ত॥
প্ৰকৃতিত পৰ পৰমাৰ্থ বিচাৰত।
তোমাৰ চৰণে কৰোঁ লক্ষকোটি সেৱ॥
কটাক্ষতে কৰা প্ৰকৃতিক অচেতন।
লীলাৰূপে কৰা সৃষ্টি প্ৰলয় পালন॥
ব্ৰহ্ম ৰূপে ধৰি কৰা যত চৰাচৰ।
বিষ্ণু ৰূপে জগতকে পাল নিৰন্তৰ॥
ৰুদ্ৰ ৰূপে কৰা প্ৰভু প্ৰলয় আপুনে।
তথাপি তোমাক নুচুৱে দোষ গুণে॥
কৰিলা অধিক মায়া নিজ যোগ বলে।
তুমি মাত্ৰ সাঞ্চা মিছা প্ৰপঞ্চ সকলে॥
তোমত অন্তৰ নহে জগত যতেক।
তুমি পূৰ্ণ প্ৰভু প্ৰপঞ্চত ব্যতিৰেক॥
যেন মাটি বিনে স্থিতি নাহিকে মটৰ।
ঘট ব্যতিৰেকে মাটি থাকে নিৰন্তৰ॥