পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এটা বিজুলী সঞ্চাৰ হৈ গ’ল। অসমীয়া পদ অৰ্গেনত বজাই গোৱা আগতে শুনা নাছিলোঁ। তাৰ পিছত দেউতাই আকৌ গালে এটা অসমীয়া নাম অৰ্গেনত বজায়েই—

অ’ আইটী বেঙুন বৰা
চৰকাৰৰ ছ অনা
পুলিচৰ লয়না
থানালৈ পল্টন কাৱাজ কৰা।

নামটো শুনি নানা ভাবে জুমুৰি দি ধৰিলে। আকৌ দেউতাই গালে—

তুলসীৰ তলে
মৃগপহু চৰে—
তাকে দেখি ৰামচন্দ্ৰ—
শৰ ধনু ধৰে ৰাম ৰাম
শৰ ধনু ধৰে।

 সেইদিনা ৰাতি আৰু টোপনি ভালকৈ নাহিল। গোটেই নিশাটো অসমীয়া গানৰ সুৰবোৰ মোৰ শোণিত কুঁৱৰী নাটৰ গীতত লগাই কেনেকৈ নতুন অসমীয়া সুৰীয়া গান ৰচনা কৰিব পাৰি তাক ভাবোতেই ৰাতি পুৱাল। ইমান দিনৰপৰা বিচাৰি কিবা এটা হাততে পোৱাত মনটো উগুল-থুগুল লাগিবলৈ ধৰিলে। পুৱা জলপান খাই বেগাবেগিকৈ গলোঁগৈ বাণ-মঞ্চলৈ। তাত নতুনকৈ মঞ্চ সজা হৈছিল। বাঢ়ৈবিলাকে কাম কৰিব লাগিছে। এফালে চিত্ৰকৰ শ্ৰীযুত পিয়াৰী মোহন চৌধুৰীয়ে দৃশ্যপট আঁকিছে। ছোঁ-ঘৰত কেইজনমান উৎসাহী অভিনেতাই আখৰা কৰিছেহি পুৱা বেলাতেই। মই এচুকত হামনিয়ামটো লৈ বহিলোঁ। — ‘গছে গছে পাতি দিলে ফুলৰে শৰাই’ গীতটো অসমীয়া নামৰ সুৰ দিবলৈ। সুৰ লগাই গালোঁ নামৰ সুৰেৰেই। গীতটোৰ আন্তৰাডোখৰো ৰচনা কৰি গাই চালোঁ। অভিনৱ এটা উন্মাদনা— প্ৰণটোৱে ইচাটি-বিচাটি কৰিবলৈ ধৰিলে। গোটেই সুৰটো ওলাই আহিল। আনন্দত অধীৰ হৈ ডাঙৰকৈ গাবলৈ ধৰিলোঁ। পিয়াৰীমোহনে পট অঁকা এৰি ওচৰত ৰৈ অলপ আচৰিত হৈ সুধিলে, “কিহে এইটো— বিয়ানামৰ নিচিনা গান দেখোন?” মই একো উত্তৰ দিব নোৱাৰিলোঁ।

 শোণিত কুঁৱৰীৰ গীতবোৰত এইদৰে বিয়ানাম, আইনাম, বনগীত, বিহুগীতৰ সুৰেৰে নতুন ধৰণৰ সুৰ দিলোঁ আৰু সেই সুৰবোৰ নাটৰ ভাৱৰীয়া আৰু সখীৰ ভাও লোৱা ল’ৰাবোৰক