(আটাইকেইজনীয়ে চিত্ৰক বেঢ়ি বহে, চিত্ৰই তাঁৰ বান্ধিবলৈ লাগে।)
ঊষা:
|
এতিয়া কাণ মোচৰোতে মোচৰোতে এযুগ যাব যেনহে পাইছো।
|
চিত্ৰ:
|
এই হ’ল ৰ’বা, হ’ল আৰু।
|
(তাঁৰ পকায়। তাঁৰ ছিগি যায়। সকলোৱে হাঁহিবলৈ ধৰে।)
চিত্ৰ:
|
ভাল আপদ! (আকৌ চেষ্টা কৰে, আকৌ ছিগি যায়।)
|
ঊষা:
|
থোৱা, থোৱা, ফালিবা এতিয়া (হাঁহে)
|
পত্ৰ:
|
বোলো এতিয়া বীণখন থোৱা! এনেয়ে গীত গাই নাচা।
|
চিত্ৰ:
|
অ’ ৰবা, এইবাৰ হ’ব।
|
ঊষা:
|
(চিত্ৰক ধৰি) নালাগে উঠা।
|
চিত্ৰ:
|
তোমাৰপৰা নোৱাৰি দিয়া। (বীণখন আঁতৰাই থৈ)
নাচা হে পত্ৰ! নাচা হে, কি চাই আছা?
|
পত্ৰ:
|
ইস্, নাচিব লাগে কোনে, আকৌ নাচিবলৈ কয় কাক?
|
চিত্ৰ:
|
নচুৱাই নচুৱাই— বাৰু দিয়া।
|
ঊষা:
|
আগতে ইমানবোৰ পৰি আছে। সুৰৰ ৰহণ সানি নি থাকা। (চিত্ৰ নাচে আৰু গায়।)
|
বোৱাঁ বোৱাঁ দখিণ মলয়া, তটিনী গোৱাঁ।
সমীৰণে আহি পৰাণ জুৰালে আ-হা।
কোন নন্দনত পাৰিজাত ফুলে
বিলাই সুৰভি বিয়াকুল কৰে।