এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ছ
আৰু এই বিষয়ে মোক নানা উপদেশ আদি দি এই চেষ্টাৰ প্ৰশংসা কৰিছিল। আমাৰ এই বিহুনাচ আৰু ভাওনাত থকা কামৰূপী হিন্দু নৃত্যৰ মোল তেতিয়া অসমীয়া শিক্ষিত সমাজে একেবাৰেই নুবুজিছিল— মাথোন উপলুঙাহে কৰিছিল— কিন্তু ১০ বছৰ পিছত যেতিয়া উদয়শঙ্কৰে হিন্দুনৃত্য পৃথিৱীত দেখুৱাই তাৰ পৃথিবীজোৰা খ্যাতি অৰ্জন কৰিলে— তেতিয়াহে অসমীয়া শিক্ষিত সমাজে আৰু শিল্পীসকলে অসমীয়া ভাওনাৰ নাচ যে কি সাংস্কৃতিক আপুৰুগীয়া সম্পদ তাক উপলব্ধি কৰিব পাৰিলে। এইদৰে কত অসমীয়া সাংস্কৃতিক আপুৰুগীয়া সম্পদে এতিয়াও আমাৰ অৱহেলাত আন্ধাৰত চকুলো টুকিব লাগিছে। অসমৰ আজি স্বাধীনতাৰ দিনত নতুন দিনৰ শিল্পীসকলৰ দৃষ্টিত পৰি সেইবোৰে পোহৰলৈ আহি সিহঁতৰ হাঁহি বিলাবহি পাৰিব বুলি আশা কৰি— মোৰ এই শোণিত কুঁৱৰী নাটৰ দ্বিতীয় তাঙৰণৰ পাতনিৰ সামৰণি মাৰিলো।
তামোলবাৰী চাহবাগিচা
ডিব্ৰুগড় ১৯৪৮ চন
ডিব্ৰুগড় ১৯৪৮ চন
ৰাইজৰ আশীৰ্বাদাকাঙ্খী
শ্ৰীজ্যোতিপ্ৰসাদ আগৰৱালা