পৃষ্ঠা:শিশু লীলা.djvu/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
শিশু লীলা।

বহ্নিক দেখি ভৈল সবে ত্ৰাস।
ত্ৰাহি কৃষ্ণ বুলি পাড়ে আটাস॥
বহ্নিত সবে পুড়ি মৰো আমি।
প্ৰাণদান দিয়া জগত স্বামী॥
তুমি বিনা আন নাই বান্ধৱ।
ভকত জনক ৰাখা মাধৱ॥
এহি বুলি সবে কৰে কল্লোল।
বান্ধৱৰ দুঃখ দেখি গোপাল॥
ভয় নাই বুলি আপোন মুখে।
পীলা বনাগ্নিক পৰম সুখে॥
এড়াইল সমস্তে দুৰ্ঘোৰ ভয়।
অনন্তৰে ভৈল সূৰ্য উদয়॥
কৃষ্ণৰ কৰ্ম্ম অতি আচৰিত।
বিস্ময় দেখি সমস্তৰে চিত্ত॥
নোহন্ত মানুষ নন্দ তনয়।
পৰম পুৰুষ জানি নিশ্চয়॥
পাছে গোপ গোপী কৃষ্ণক বেড়ি।
গোষ্ঠক লড়িল কৰন্তে খেড়ি॥
কৃষ্ণগীত গান্ত বজায়া বেণু।
কৰিলেক আগ যতেক ধেনু॥