পৃষ্ঠা:শিশুপাল বধ.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১ )



চবি।

 হেন শুনি শিশুপালে, মাতিলন্ত সেহি তালে, পৰিশেষে ভৎৰ্সি সন্ধি পাই। পাছে যেন কথা খানি, কৈলি তই চক্ৰপাণি, পুনু কহ তাহাক বুজাই॥ আৰু সবে কৈলি কথা, সকলে তোহোৰ বৃথা, মিছা বড় চাতুৰি খেলাইলি। কথাৰ মধ্যত সত্য, ইখানি স্বৰূপ তত্ত্ব, সবাৰ পাছত আসি কৈলি॥ ২৬ ॥ এক জনে দান দিয়ে, এক জনে দান লোৱে, আউৰ জনে তাক আসি বাধে। কৈলি তই স্বৰূপত, ইটো মহা সংসাৰত, মহাপাপী হৈবে সিটো লাগে॥ যেন সিটো মহা দান, দিয়ে তাক যিটো জন, তাক যিটো নিয়ে ছলে বলে। সিটো মহা পাপীষ্ঠৰ, পাতক, হৱয় কত, তাক তই কহিয়ো সকল॥ ২৭ ॥ কিয় থৈছ গোপ্য কৰি, মই আছোঁ, বাঢ়ি