পৃষ্ঠা:শিশুপাল বধ.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৭ )


ৰাজ সমাজে। মাকোটী কাটিয়া, হাতত নলৈলি, মৰি কি নযাস লাজে॥ ১৯ ॥ তোহোৰ যে ভাৰ্য্যা, ৰুক্মিণী হৰিলোঁ, নপাইলি তাক বাঞ্ছোতে। ধিক ধিক ধিক, মৰিয়ো নযাস, ইসব কথা কহোঁতে॥ আপুনি সুমৰি, চাহ মন কৰি, তাহানি যে গৈলি ধাই। মুড়ৰ কিৰীটি, কৈত থৈ আহিলি, কৈয়োক মোত বুজাই॥ ২৩ ॥ যুধিষ্ঠিৰ ৰাই, অনাইল মতাই, বৈসালে ৰাজ সমাজে। তই পাপীষ্ঠক, অমান্য কৰিলে, তাক কহ কোন লাজে॥ আন জন হলে, এনুৱা কথাক, লাজত কতো নকৱে। সাত লক্ষ ৰাজা, গাৱে গাৱে শোধ, মাগি কোনে মান্য লৱে॥ ২১ ॥ কাহাকে নমাতি, নিছুকিয়া মই, বসি আছোঁ সভা চাই। তথাপিতো মোত, যাচি অৰ্ঘ্য দিলে, আবে যুধিষ্ঠিৰ ৰাই॥ খেদিয়ো নযাওঁ, মাগিয়ো নলওঁ, তেওঁ দিলে অৰ্ঘ্য দান।