এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২০ )
দিয়া আঙ্গুলি॥ ৬০ ॥ বাঢ় বাঢ় দেখি, কহোঁ
নমাতিলোঁ, সবেওঁ থাকিলোঁ হাসি। তাহাৰ
নিমিত্তে, ঘৰ কৰিবাক, পাইলিহি ৰুক্মিণী
দাসী॥ পৰৰ ঘৰত, দিনক গোৱালী, ৰাখি-
লিহি তই গোক। মান বৈত যেবে, দেৱক
পূজিলি, কোন দেৱকীব পোক॥ ৬১ ॥ আনে
যে নজানে এই কথা টোক, মইজানোঁ
সমুদাই। নন্দৰ ঘৰত, গৰু ৰাখিছিলে, পঁইতা
ভাতক খাই॥ গৰু যে হৰালে, নন্দেও কোবা-
ৱে, তহিতো নাছিল পূৰি। গৰু গাই এড়ি,
কাহানি ক্ৰীড়িলি, নজানোঁ ৰৈৱত গিৰি। ৬২ ।
এহি কথা বোৰ, কৱ যে আনত, লাজে নাক
ছিগি যাই। উত্তৰা ভূমিত, কাহানি ক্ৰীড়িলি,
তই পুনু খেড়ি খেলাই॥ এই কথা বোৰ,
কৈয়া যে আনিলে, কাহাৰ নুঠিবে হাসি।
গোৱাল যে গুটী, কাহানিনো ভৈলি, তই বড়
তীৰ্থবাসী॥ ৬৩ ॥ কোন ঋষি তই, তপসী আছিলি,
স্নানিলি গঙ্গাত নামি। ততাদৈই তোৰ, মামীক
হৰিলোঁ, কৈত পাইলোঁ হেৰা আমি॥ পাইলি
যত মান, ক্ষমা যে কৰন্তা, হেন সবে ৰাজা