এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীকৃষ্ণায় নমঃ।
শিশুপাল বধ।
⸻০⸻
দুলৰি।
ৰটে শিশুপাল, শুনিয়া গোপাল, মনত
আছন্ত হাসি। একো যে আসাৰে, একোটী
চিঙ্গিল, কমল ফুলৰ পাসি॥ কমলো অতা-
ইল, হাতৰো এড়াইল, তেও আছা হৰি শুনি।
বোলন্ত ইহাৰ, সবে প্ৰতীকাৰ, সাধিবোঁ সবে
আপুনি॥ ১ ॥ সবে অপৰাধ, সম্পূৰ্ণ সিজিল,
সাক্ষাতে জানিলা হৰি। আৰু দশগোটা,
অধিক এড়িল, হাতত যে লেখা কৰি॥ ইমান
বচন, বুলি নাৰায়ণ, তাহাৰ সমুখ ভৈলা॥ অল্প
অল্প কৰি, দেব শ্ৰীহৰি, ৰাজাক মাতিবে লৈলা॥ ২ ॥
হাসিয়া হাসিয়া, শ্ৰীকৃষ্ণে বোলয়, শুন
তই শিশুপাল। ৰাজ সমাজত, এতেক কদৰ্থ,