এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৮ )
দুয়ো ভাই। আমাক দেখিয়া, ইটো
দুৰাচাৰে, কৰিলে বড় অন্যাই॥ কাকো
নমাতোহোঁ, উত্তৰ নেদেহোঁ, আছোঁ ৰাজ
পথে চলি। বাট ভেটি যাই, কন্দল পাতিলে,
শিশুপালে কাটো বুলি॥ ৫৩ ॥ ভৎৰ্সিয়া
গৰ্জিয়া, অনেক মোহোক, বুলিলে নিন্দা বচন।
সিয়ো বাৰ আক, নকাটিয়া থৈছোঁ পেসীৰ
পালি বচন॥ চাৰি লক্ষ ৰাজা, দুই লক্ষ নৃপ,
এক লক্ষ ৰাজেশ্বৰ। সাত লক্ষ ৰাজা, সবেওঁ
দেখিছা, আদি গুৰি দোষতৰৰ॥ ৫৪ ॥ কাকো
প্ৰত্যুত্তৰ, নেদোঁ বিদ্যমান, আছো বসি সভা
চাই। তথাপিতো মোক, যাচি অৰ্ঘ্য দিলে,
আসি যুধিষ্ঠিৰ ৰাই॥ তাহাৰ নিমিত্তে, অনেক
কদৰ্থী, মাতিলে কুল উঘাই। তথাপিতো
আক, নকাটি এড়িলোঁ, পেসীৰ বচন চাই
॥ ৫৫ ॥ এনুয়া বচন, শুনি শিশুপাল, দুগুণ
কোপ জ্বলিলা। ঢ়ঙ্কাঢ পৰা যে, কথাক কওঁতে,
মন্দষে পাপী বুলিলা॥ আনে যে নজানে,
তোহোৰ কথাক, মই জানোঁ জন্ম জাতি। ৰাজ
সমাজত, গুণ বখানস, মিছা কথা বোৰ মাতি