পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


 গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ দিগন্ত প্ৰসাৰিত কৰিব পৰা, নিজৰ সহজাত প্ৰতিভাৰে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব পৰা দাদা আছিল এজন সঁচা অৰ্থত শিক্ষক। অংকৰ পৰা সাহিত্য, বুৰঞ্জী, ভূগোল আদি নানা বিষয়ত জ্ঞানৰ পৰিধি বিস্তাৰিত এনে এজন কৃতিবিদ্য পুৰুষৰ অকাল বিয়োগ সমাজৰ বাবে অপূৰণীয় ক্ষতি।

 উমেশ দাদাৰ ঘৰ আছিল নলবাৰী চহৰৰ নিকটৱৰ্তী বালিলেছা নামৰ এখন প্ৰসিদ্ধ গাঁৱত। এনে এখন গাঁৱৰ পৰা শূন্য হাতেৰে গৈ গুৱাহাটী হেন চহৰত প্ৰতিষ্ঠিত হোৱা এই সুদীৰ্ঘ সময়ৰ পৰি দাদাই হয়তো সন্মুখীন হৈছিল বহু সংঘাটৰ আৰু বাধা-বিঘিনিৰ। কিন্তু এনে সংঘাট তথা বাধা-বিঘিনিৰ বিপৰীতে নিজৰ মানসিক দৃঢ়তা আৰু কঠোৰ শ্ৰমৰ মানসিকতাক মূলধন কৰি গুৱাহাটী হেন চহৰত নিজকে প্ৰতিষ্ঠিত কৰাটো মুখৰ কথা নহয়। তদুপৰি নিজৰ ভায়েকসকলকো গুৱাহাটীলৈ আনি নিজৰ লগত ৰাখি পঢ়াই-শুনাই প্ৰতিষ্ঠিত কৰোৱা তথা তেওঁলোকৰ সংসাৰ পাতি দিয়া আদি দায়িত্ববোৰ দাদাই নিস্বাৰ্থ ভাবে কৰি গৈছিল। ভাতৃসকলৰ মাজত তেখেত আছিল ৰামচন্দ্ৰৰ দৰে। মৰম-চেনেহৰ এক সুৰক্ষাৰ ডেউকাৰ আঁৰত যেন সকলোটিকে আবৰি ৰাখিব বিচাৰিছিল দাদাই।

 মই জনাত তেখেত আছিল অজাতশত্ৰু। স্বভাৱতে হাঁহিমুখীয়া, সততে অইনৰ দুখত দুখী হ’ব পৰা গুণৰ অধিকাৰী, শিক্ষকতাৰ দৰে এক মহান বৃত্তিৰ লগত জড়িত এনে এজন মানুহৰ কোনোবা শত্ৰু থাকিব পাৰে বুলি মনে নধৰে। সুদীৰ্ঘ দিন ধৰি দুৰাৰোগ্য মধুমেহ ৰোগত আক্ৰান্ত হৈয়ো দাদাই অপৰিমেয় কৰ্মোদ্যম আৰু কৰ্তব্যবোধৰ মাজেৰে শিক্ষকতাৰ নিচিনা পবিত্ৰ দায়িত্ব সুকলমে পালন কৰিছিল। নিজৰ চাৰি সন্তানক মানুহ হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিব পৰাটো তেখেতৰ জীৱনৰ এটা ডাঙৰ সাফল্য। এয়া সম্ভৱ হৈছে পিতৃ হিচাপে সন্তানসকলক দিয়া তেখেতৰ মৰম চেনেহ আৰু সংস্কাৰ মিশ্ৰিত অনুশাসনৰ বাবে।

 কৰ্ম ব্যস্ততাৰ মাজতো তেখেতে ঘৰতে শাস্ত্ৰীয় সংগীতৰ চৰ্চা আৰু অইনকো শিকোৱা অব্যাহত ৰাখিছিল। আজৰি সময়ত বহুতো গৱেষণামূলক প্ৰবন্ধ আদিও লিখিছিল আৰু প্ৰকাশ কৰিছিল। অসমৰ ভবিষ্যৎ শিক্ষা ব্যৱস্থা কেনে হ'ব পাৰে তাৰ এখন সাম্ভাব্য প্ৰতিচ্ছৱি উপস্থাপনেৰে এক চিন্তামূলক প্ৰবন্ধ প্ৰকাশ কৰি আশীৰ দশকৰ অসমৰ শিক্ষা জগতত আলোড়ন সৃষ্টি কৰিবলৈ